পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


জানি পুত্ৰ ভাৰ্য্যা তাত এৰা আসকতি।
কৃষ্ণৰ চৰণে কৰা একান্ত ভকতি॥
বিলম্ব নকৰা ভকতৰ সঙ্গ লোৱা।
নাম গলে বান্ধি সংসাৰত পাৰ হোৱা॥

ভাঙনি ঘোষা:-
হৰি ভজি হৰি নাম নলৱে সাক্ষাত।
আপোনাক আপুনি কৰিলে আত্মা ঘাত॥

পদ:-
শুনা সভাসদ পদ মহাভাগৱত,
কৃষ্ণৰ মুখৰ বাণী বাক্য সাৰোগত।
আনক নভজি লয় মোহোত শৰণ,
কায় বাক্য মনে নমে মোহোৰ চৰণ।
মোত অৰ্পি কৰ্ম্ম কৰেনজানয় আন,
ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰান।
অৱতাৰ ধৰি ভাৰ হৰো পৃথিৱীৰ,
নিৰাকাৰ বুলি মোক নজানে বিস্তাৰ।
মোক নজানয় মহাদেৱ ঋষি যত,
অনাদি অব্যক্ত অজ নাহি আদি অন্ত।
মইসে নিয়ন্ত্ৰা স্বামী লোক মহেশ্বৰ,
মোক সদা এহি বুদ্ধি কৰে যিটো নৰ।
মোহোৰ কথাত মাত্ৰ ৰতি সদা যাৰ,
অন্যত্ৰ বস্তুত ৰতি নাথাকন্ত আৰ।
সেহি ভকতক ৰাখিবাক যথাভাৱে,
সৰ্ব্বক্ষণ ফুৰো চক্ৰ ধৰি ভূমি পাৱে।

......................

৩৩। মূল ঘোষা:-
হৰি নাম লবলৈ অ’ পাপী মন।
নালাগে যাব কাশী-বৃন্দাবন॥

(৬০)