পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক চাবোক ভাকি বোলা ৰাম ৰাম॥

..................

২২। ঘোষা :-
শঙ্কৰ স্বৰূপে প্ৰভূ নাৰায়ণে
 অংশ অৱতাৰ ভৈলা।
ভকতি সুবাস বিলাই পাপ নাশ
 জগতকে উজাৰিলা॥

পদ :-
আহিন মাসত শুকুলা পক্ষত
 তিথিয়ে দশমী ভৈলা।
বৈকুণ্ঠৰ পতি শ্ৰীমন্ত শঙ্কৰ
 আসি অৱতাৰ ভৈলা।
শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুণাকৰ
 সাক্ষাতে কৃষ্ণৰ অংশ।
দৈৱকী তনয় যিটো কৃপাময়
 উদ্ধাৰিলা যদু বংশ॥
গহীন গম্ভীৰ  মহাযশী ধীৰ
 নামত শঙ্কৰ দেৱ।
কৰুণা সদন  পাষণ্ড মৰ্দ্দন
 যাক সম নাহি কেব॥
দয়াৱন্ত সন্ত শীতল স্বভাৱ
 পৰম গুণে মহন্ত৷
কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়া
 পাতকীক তাৰিলন্ত॥
পৰম দয়ালু শ্ৰীমন্ত শঙ্কৰে
 লোকক কৰিয়া দয়া।
পৰম নিৰ্ম্মল ভকতি প্ৰকাশ
 কৰিলা শাস্ত্ৰক চায়া॥

(80)