পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

শুদ্ধ পথ দিয়া গুৰু প্ৰচাৰ কৰিলা।
শৰণ-ভজন-ভক্তি মহিমা বৰ্ণাইলা॥
হেন জানি গুৰু মই পশিলো শৰণে।
নেৰিবা নেৰিবা গুৰু জীৱনে মৰণে॥
ভক্তি কৰিবাক লাগে ভকত জনত।
ভক্তিসে তৰাইবে ইটো ঘোৰ সংসাৰত॥
কিনো মহাভাগ্যোদয় লোকৰ কলিত।
নাম সমে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত॥
ইহেন কলিত যিটো নহৈল উদ্ধাৰ।
কোটি জনমেও তাৰ নাহিকে নিস্তাৰ॥
ভকতক কৃপায়ে কলিত দেৱ হৰি।
যশ বিস্তাৰিলা দৈৱকীত অৱতৰি॥
এহি যশ গুণ নাম গাইবে মাত্ৰ সুখে।
এতেকে মুকুতি পদ পাইবে মহা সুখে।
কৃষ্ণৰ বাক্যত আবে কৰিয়ো প্ৰত্যয়।
ভজিবাক লাগে মাত্ৰ জানিয়া নিশ্চয়॥
হেন জানি সত্বৰে হুয়োক সাৱধান।
অথিৰ জীৱন যাইব কেতিক্ষণ প্ৰাণ॥

ভাঙনি:-
নাম লোৱা নাম লোৱা কলি যুগৰ প্ৰজা।
নাম শুনি গতি পাইলে পৰীক্ষীত ৰাজা॥

পদ:-
একবাৰ উচ্চাৰিলে নামৰ আভাস।
কিমতে সমস্ত পাপ তাৰ ভৈল নাশ॥
এক নাম উচ্চাৰিলে পাপ হোৱে ক্ষয়।
যত পূণ্য আছয় গৰ্ভতে বাস লয়॥
আৰ বাৰ উচ্চাৰিলে সৰ্ব্ব পাপ ক্ষয়।
তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠে চলয়॥
শ্ৰদ্ধায়ে সততে ভক্তিভাৱে নাম ধৰে।

(৩৭)