পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


তাঙ্ক কৰি অনাদৰ অধম অবোধ নৰ
 কৰে আন কৰ্ম্মৰ বিশ্বাস।
সানিয়াত মাৰে গাষ্ঠি  পিন্ধে গলে কাচ কাণ্ঠি
 কোচত আছত্ত হেমহাৰ।
হাতৰ অমৃত তেজি  মৰে যেন বিষ ভূঞ্জি
 ভৈল সেহি পটন্তৰ তাৰ॥
সাধেমহা সৰ্ব্ব সিদ্ধি  ভকতৰ নৱনিধি
 মাধৱৰ অৰুণ চৰণ।
শৰণ লৈয়োক তা  নিতে হোৱে আয়ুপাত
 অদ্যপিও নেদেখা মৰণ॥
আছোক মনুষ্য আন  দেৱে তীৰ্থে কৰি মান
 ভকতৰ ফুৰে পাছে পাছে।
ত্ৰৈলোক্যত নাহি সৰি  জ্ঞানীতে কৰ্ম্মতো কৰি
 ভকতেসে শ্ৰেষ্ঠ হুয়া আছে॥
হেনজানি চিন্তা হিত  কৃষ্ণক চিস্তিয়ো নিত
 কৃষ্ণসে কৰিব পাৰে আন।
জীৱন বিজুলি প্ৰায়  অথিৰ মনুষ্যকায়
 কৈত কেতিক্ষণে পৰে প্ৰাণ।

..............



৯৫। মূল ঘোষাঃ-
{{Block center|<poem>জীৱৰ সাৰথি  নামহে বান্ধৱ
 জীৱৰ সাৰথি নাম।
নাৰায়ণ নাম  লৈয়া অজামিলে
 পালে বৈকুণ্ঠত থান॥

পদঃ-

সূৰ্যসম সবে  জলন্ত আছাহা
 সমস্ত দিশ প্ৰকাশি।

(১৭৮)