পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পাছে যোগবলে মহাভক্ত সবে
 সেহিস্থান পাইলা যায়॥
অপূৰ্ব বৈকুণ্ঠ  দেখি সিদ্ধসবে
 পৰম আনন্দ ভৈলা।
ইথান সিথান  কৰি ছয়থান
 দুৱাৰ এৰায়া গৈলা॥
নীলবৰ্গ আতি শোভে চাৰিবাহু
 দেখিতে আতি সুন্দৰ।
হাতে দিব্য গদা   ধৰিয়া আছন্ত
 দেখা অতি ৰুচিকৰ॥
বান্ধৱ কৃষ্ণৰ  মই অধমক
 কৃপাকৰা হেনমত।
তযু ভক্ত সঙ্গে  গুণনাম গায়া
 যিমতে থাকো সতত॥

....................

৯৩। মূল ঘোষাঃ-

পৰম ৰহস্য  জনম মনুষ্য
 বসুদেৱ দৈৱকীৰ ঘৰে।
মায়া নামে কংস  কৰি নিজে ধ্বংস
 ভকতক উদ্ধাৰ কৰে॥

পদঃ-

গুৰু নিগদতি  শুনা কুৰুপতি
 জাত ভৈলা ভগৱন্ত।
যেখনে তেখনে  ধৰ্ম্ম নষ্ট ভৈলে
 তাহাঙ্ক আসি ৰাখন্ত॥
অধৰ্ম্মীৰ নাশ জগত নিবাস
 বেকত হোৱে আসিয়া।

(১৭৪)