পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


তাক মোৰ বুলি   হাতে চক্ৰ তুলি
  ৰাখিয়া ফুৰন্ত হৰি॥
ভৃত্য ভয়হাৰী অপৰ দেৱতা
 হি হৰি সমসৰ।
প্ৰপন্ন জনৰ  জানিবাহা হৰি
 ব্ৰজৰ যেন পঞ্জৰ॥
শ্ৰৱণ কীৰ্তন কৰে যিটোজন
 তাৰ হৃদি কলমত।
অতি অল্পকালে  ভকত বৎসলে
 হৈবন্ত আসি বেকত॥
ভক্তৰ হিয়াত থাকিয়া সাক্ষাত
 হৱন্ত সমস্তে মন।
যেনে জলচৰ শৰতে কৰয়
 নিৰ্ম্মল আতি উজ্বল॥
কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি
 নেৰে কৃষ্ণ পদ আৰ।
যেন পৰবাসী  ৰৈল গৃহে আহি
 এৰায়া দুখ নিকাৰ॥
শ্ৰৱণ কীৰ্ত্তন  কৰা সৰ্ব্বক্ষণ
 কৃষ্ণ পাৱে দিয়া মতি।
সমস্ত ভকত  মাতি আনি নিতে
 শিকায়ো হৰি ভকতি॥
কৃষ্ণ পদসেৱা  এহিমানে মাত্ৰ
 দৃঢ় কৰি ধৰা সাৰ।
বিষয় যাতনা  ভূঞ্জিব নালাগে
 সুখে মাত্ৰ তৰা সংসাৰ॥

(১৭১