পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


বহে বৈকুণ্ঠৰ পৰা শঙ্কৰ গুৰু কি নামে...
চাৰি পুৰুষাৰ্থ  এ শঙ্কৰ গুৰু
তাহাৰ নিজৰা  এ শঙ্কৰ গুৰু
হৰি নাম মূল ধৰা শঙ্কৰ গুৰু কি নামে....
হৰি ভক্তি দান  এ শঙ্কৰ গুৰু
দিয়া জগতক  এ শঙ্কৰ গুৰু
তাৰিলা সংসাৰ সিন্ধু শঙ্কৰ গুৰু কি নামে...
হেনয় কৃপালু  এ শঙ্কৰ গুৰু
শঙ্কৰ বিনাই  এ শঙ্কৰ গুৰু
নাহি নাহি আন বন্ধু শঙ্কৰ গুৰু কি নামে....
হৰি ভকতিৰ  এ শঙ্কৰ গুৰু
পাতিলন্ত হাট  এ শঙ্কৰ গুৰু
শঙ্কৰে জগত জুৰি শঙ্কৰ গুৰু কি নামে...
ৰাম নাম ৰত্ন  এ শঙ্কৰ গুৰু
বেহায়া জগতে  এ শঙ্কৰ গুৰু
চলয় বৈকুণ্ঠ পুৰী শঙ্কৰ গুৰু কি নামে...
শ্ৰীমন্ত শঙ্কৰ  এ শঙ্কৰ গুৰু
হৰিভকতৰ  এ শঙ্কৰ গুৰু
জানা যেন কল্পতৰু শঙ্কৰ গুৰু কি নামে....
তাহন্ত বিনাই  এ শঙ্কৰ গুৰু
নাই নাই নাই।  এ শঙ্কৰ গুৰু
আমাৰ পৰম গুৰু শঙ্কৰ গুৰু কি নামে...

ভাঙনি ঘোষাঃ-
দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শঙ্কৰ।
গুৰু দেৱ নামেই শ্ৰেষ্ঠ পন্থ ভকতৰ॥

(৯)