পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


এহিমতে গোবিন্দ দিলন্ত নৃত্য ভঙ্গি।
কতো গোপীকাক লৈয়া ধৰন্ত আলিঙ্গি॥
কতো গোপীকাক মোহি হোৱে অন্তৰ্দ্ধান।
লাজ ঢাকিবাৰ মনে নাহি কিছু জ্ঞান॥
ভকতিৰ আনন্দত আকুল হৃদয়।
কৃষ্ণৰ সঙ্গে কৰে কেলি সবে গোপীচয়॥
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত।
বিষয়ক তৰি পাইবা বৈকুণ্ঠৰ পথ॥
হেন জানি নিৰন্তৰে লোৱা হৰি নাম।
পাপক সংহৰি সবে হৈবা পূৰ্ণ কাম॥

................

৮৪। মূল ঘোষাঃ-

ধ্বজ ব্ৰজ অঙ্কুশ খোজত আছে পৰি।
পলালে কলীয়া কৃষ্ণ মেলিয়া দামুৰি॥
ব্ৰহ্মাণ্ডৰে অধিকাৰী অনন্ত মূৰাৰী।
গোৱালীৰ সঙ্গে খেলা কৰে শ্ৰীহৰি॥

পদঃ-

কিছুকিছু ছলে খোজত চিনি পায়।
শুনা শুনা আহে আই নন্দৰ কানাই॥
প্ৰভাত সময়ে ৰাম-কৃষ্ণ দুয়ো ভাই।
গোৱালীৰ গৃহে গৈয়া দামুৰি মেলয়॥
কোনবনে ধেনুগণ চৰায়া আনিলে।
দুগ্ধ ন-পাইয়া গোপী শিশুক সুধিলে॥
বালকে বোলয় আই বহু তৃণ খায়।
যমুনা নদীত সৱে জলক পিয়ায়।
কৃষ্ণৰ অকাৰ্য গোপী সহিব নোৱৰি।
সবে গোপী চলি যায় যশোদাৰ বাৰী॥

(১৫৬)