পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ঔৰসে–কাশ্যপ ঋষি গৰ্ভে অদিতিৰ।
ত্ৰৈলোক্যৰ ৰক্ষা হেতু আসিলা ঈশ্বৰ॥
সেহি সময়ত বলী নাম এক দৈত্য।
প্ৰহ্লাদৰ নাতি সিটো বিৰোচন পুত্ৰ।
ব্ৰহ্মাক আৰাধি বৰ লৈয়া দৈত্যপতি।
ইন্দ্ৰক খেদায়া স্বৰ্গ লৈলা অম্লাৱতী॥
দেৱগণে স্বৰ্গ এৰি বৈকুণ্ঠ চলিলা।
বিষ্ণুৰ কাষত আহি শৰণ পৰ্শিলা॥
বোলে সবে কাতৰ কণ্ঠে কৰি কৰযোৰ।
কিমতে থাকিম প্ৰভূ এৰি স্বৰ্গপুৰ॥
দেৱতাৰ স্তুতিবাণী শুনি চক্ৰপাণি।
প্ৰবোধিয়া বুলিলন্ত দেবে তাক জানি॥
বলিক চলিয়া মই দিবো ৰাজ্যভাৰ।
উপায় কৰিম মই দেবতা উদ্ধাৰ॥
এহিবুলি বিষ্ণুদেৱ বৈকুণ্ঠ চলিলা।
কাশ্যপৰ গৃহে আহিজনম ধৰিলা॥
ধৰিলন্ত কপট বামন দিব্য ৰূপ।
নিত্য নিৰঞ্জন সৰ্ব্ব ব্যাপক স্বৰূপ॥
এহিমতে ভগৱন্ত পুনঃ জন্ম ধৰি।
ভকতক ৰক্ষা কৰে দুষ্টক সংহাৰি॥
বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন।
তাৰ কি অৰ্থ পাৱে যেই সেইজন॥
শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ।
ভকতিৰ প্ৰসাদে নিৰ্ম্মল যাৰ মন॥
সেহি মহাজনে আৰ তত্বক জানায়।
চাৰিবেদ পুৰাণৰো কহিলো নিৰ্ণয়॥

(১৪৯)