তিনিও লোকত সাৰ ভকতিত পৰে আৰ
নাহি নাহি আক জানা নিষ্ট।
হৃদয়ত ৰূপ ধৰে তাহান নামক স্মৰে
সিসি জন মহন্ত বিশিষ্ট।
আলোক মনুষ্য আন দেৱে তীৰ্থে কৰি স্নান
ভকতৰ ফুৰে পাছে পাছে।
ত্ৰৈলোক্যত নাহি সৰি জ্ঞানতো কৰ্মতো কৰি
ভকতেসে শ্ৰেষ্ঠ হুয়া আছে॥
হেন জানি চিন্তা কৰি কৃষ্ণক চিন্তিবো বেঢ়ি
কৃষ্ণেসে কৰিব পাৰে ত্ৰান।
জীৱন বিজুলী প্ৰায় অথিৰ মনুষ্য কায়
কৈত কেতিক্ষনে পৰে প্ৰাণ।
..................
৬৬। মূল ঘোষাঃ-
নামে তপ নামে জপ নামে যোগ্যধ্যান।
কলি যুগে নাম পূণ্য কোটি তীৰ্থ স্নান॥
শিশু কালে নাম ললে প্ৰহ্লাদ কুমাৰ
নোৱাৰিলে বধিবাক কৰি অত্যাচাৰ॥
পদঃ-
সত্য কৰিবাক লাগি নিজ ভৃত্য বাণী।
স্তম্ভতে বেকত ভৈলা প্ৰভূ চক্ৰপাণি॥
অদ্ভুত দেখিয়া দৈত্যপতি ভৈলা চুপ।
নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ॥
ঘোৰ মূৰ্ত্তি ধৰি নৰ সিংহ ভৈলা বাজ।
দেখি মহা নামে কাম্পে দানব সমাজ॥
তপ্ত সুবৰ্ণৰ সম জলে চক্ষু দুই।
পৰ্ব্বত সমান কায় আছে স্বৰ্গ চুই॥
(১১৯)