পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


মতিভেদে তোমাকেসে পুজে নিৰন্তৰ॥
নমো মহা মৎস্য প্ৰলয়ৰ জলচৰ।
নমো কুৰ্ম ৰূপপৃঠে ধৰিলা মন্দৰ॥
শুকৰ আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি।
ভকত পালক প্ৰভূ নৰসিংহ তুমি॥
ত্ৰৈলোক্যক আক্ৰমিলা তুমিসে বামন।
প্ৰনামা পৰশুৰাম ক্ষত্ৰিয় উচ্চন্ন।
ধ্যানতো নাপাই যাক সিদ্ধ মুনি গণ।
কিনো মোৰ ভাগ্য হেন দেখিলো চৰণ॥
বিবিধ কল্পনা মায়াই নোচোৱে যাহাক।
পৰম ঈশ্বৰ কৰো প্ৰণাম তোমাক॥
দিনে দিনে যায় আয়ু মৃত্যু চাপে পাসে।
তেতিক্ষনে কাল অজগৰে কৰে গ্ৰাসে॥
ধন জন পুত্ৰ ভাৰ্য্যা সবে হোৱে ছন্ন।
অকলে কৰিব পাৰ লোকক গমন॥
মনে ত প জপ জানা মনেসে মৰণ।
মনতেসে আছে জানা চৈধ্যয় ভূৱন॥
অন্তৰ্য্যামি ভগৱন্ত জগত আধাৰ।
ভক্তি বিৰকতি তাক কৰিয়া বিচাৰ॥
হেন জানি কৰা সবে ভকতক প্ৰবন্ধ।
ভক্তি বিনা সংসাৰত নচাৰয় বন্ধ॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥

...................

৬৫। মূল ঘোষা-

কাশী গয়া মথুৰা  বৃন্দাবন দ্বাৰকা
 সকলোতে প্ৰভূ তোমাৰ নাম।

(১১৭)