পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


এহিমতে মনুষ্যৰ দেহ স্থিতি হয়॥
হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়।
ৰাম নামে মাৰণা মাৰে পাপ কটকৰ ক্ষয়॥
জানি হৰি কথা শুনা মহন্তৰ মুখে।
ৰাম ৰাম বুলি তৰা সংসাৰত সুখে॥

৬২। মূল ঘোষাঃ-

নহয় নৰ জীৱন শ্যমন্তক মণি।
এইয়াই হ’ল জগতৰ নিয়তিৰ বাণী।
ৰাতিপুৱা গধূলি হৰি নাম পাহৰি।
মহা মহা পাপত পৰিলো আমি॥

পদঃ-

মনুষ্য শৰীৰ দেখা মাটিৰেহে ভাণ্ড।
যেন মেঘে আন্ধাৰ কৰয় শশী খণ্ড॥
নুহি স্বতন্ত্ৰৰ মৃত্যু বেঢ়িয়া আছয়।
তথাপিতো মুঢ়মতী নৰে নাজানয়॥
যেতিয়া স্বপ্নত সবে ঐচৰ্য্যক পাই।
জাপিয়া উঠিলে মাত্ৰ চাৰখাৰ হয়।
জীৱ থাকে মানে দেহা আৰামে থাকয়।
প্ৰাণ বায়ু অবিহনে গেলি পচি যায়।
মোৰ ধন ধন বুলি সদায় থাকা ৰাখি।
মৃত্যুৰ কালত তাৰ নাই দেখা দেখি।
ধন জন পত্নী পুত্ৰ থাকিব অকলে।
আগতে বান্ধিয়া ধৰি লৈ যাব কালে॥
ধন জন পুত্ৰ পত্নী মৰিলে নাপাই।
সপোনৰ নিধি যেন হাততে হেৰাই॥
ধন জন পুত্ৰ পত্নী সবে হোৱে চন্ন।

(১১৪)