পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ভাঙনি ঘোষাঃ-

কাৰাগাৰে জন্ম লৈয়া নন্দ ঘৰে যায়,
কাৰ গৰ্ভে জন্ম লৈয়া কাক বোলে আই।

পদঃ—

কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ,
শিশু কালে নাম লৈলা নন্দৰ কুমাৰ।
দৈৱকীৰ গৰ্ভ হৰি লভিলা জনম,
যশোদাক মাতৃ বুলি লগাইলা মৰম।
কিনো আতি নন্দ যশোদাৰ মহাভাগ,
পূৰ্ণ ব্ৰহ্ম পুত্ৰ ৰূপে গৃহে পাইলা লাগ।
গৰ্গ ঋষি বোলে শুনা নন্দ মহা সতী,
তোমাৰ তনয় ইটো বৈকুণ্ঠৰ পতি।
খাণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ,
কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
বসুদেৱ দৈৱকীয়ে দেখিল নয়নে,
শঙ্খ চক্ৰ গদা পদ্ম ধৰে নাৰায়ণে।
পৰম সুন্দৰ চতুৰ্ভুজৰূপ ধৰি,
বসুদেৱ দৈৱকীক দেখা দিলা হৰি।
দেখি পুত্ৰ মুখ পিতৃ মাতৃ গৈল ডৰি,
কংসৰ ভয়তে কাম্পে দুয়ো সৰ সৰি।
শুনিয়া ব্যাকুল স্ততি দেৱ নাৰায়ণ,
কলে মোক থৈয়া আসা নন্দৰ ভৱণ।
দৈৱকীয়ে কাৰাগাৰে কান্দে হিয়া ভাঙি,
পুত্ৰ পাই আত্ম হাৰা হৈল নন্দ ৰাণী।
সোহি হৰি ধৰে নিজে নন্দৰ নন্দন,
ত্ৰি জগতে কৰে যাক চৰণে বন্দন॥

...........................

(১০৩)