পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


একান্ত কৰয় প্ৰেম যিটো ঈশ্বৰত,
মৈত্ৰতা আচৰে হৰি সবে ভকতত।
অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত,
সেহিজন জানিবা মধ্যম ভাগৱত॥
নুপুজে ভক্তক মান্য নকৰে প্ৰাণীক,
এক মাত্ৰ প্ৰতিমাত আৰাধৈ হৰিক।
সেহিজন জানিবাহা প্ৰাকৃত ভকত,
আৰূহ হৈ আছে তেহোঁ ভক্তিৰ পথত॥

ভাঙনি ঘোষাঃ-

বৈষ্ণৱে জানিলে যাক মানিলে ভকত।
জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥

পদঃ-

তযু পদ স্ম ৰণে মনৰ মল হৰে,
পাদোদক গঙ্গায়ে বাহিৰ শুদ্ধি কৰে।
এহি দুই তীৰ্থ সেৱি মহন্ত সকল,
বাহিৰে ভিতৰে হোৱে পৰম নিৰ্মল।
এতেকে ভূতক দয়া কৰে নিৰন্তৰ,
লোভ মোহ কাম ক্ৰোধ গুচিলে মনৰ।
হেন ভকতৰ সঙ্গ কৰিয়োক দান,
আমাক তোমাৰ অনুগ্ৰহ এহিমান।
জন্মে জন্মে হোক তযু সঙ্গ ভকতৰ,
মিলোক প্ৰসঙ্গ প্ৰভূ দিয়ে ওহি বৰ।
বুলিলা ভোমাৰ সঙ্গ নুখুজিলো কিক,
ভকতসৱৰ সঙ্গ তোমাত অধিক।
যথাত থাকন্ত তযু একান্ত ভকত,
তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।

(৯৫)