পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ ৰাভা জনজাতি উপস্থিত হলেই চোতালত ৰভাৰ তলত চাকি বন্তি জ্বলাই পিঠাগুৰিৰে আল সাজি সাতখন ডাঙৰ থাল (কাহী) স্থাপন কৰা হয়। থালৰ অভাৱত কলপাতেৰে থাল সজা হয়। ইয়াকে ‘গাষ্ঠি সজোৱা কয়। মাজৰ থাল মৃতকৰ নামত আৰু বাকী থালবোৰ প্ৰেতাদিৰ নামত স্থাপন কৰা হয়। প্ৰতি ভাগত বৰাচাউলৰ ভাত দিয়া হয়। মধ্যভাগৰ থালত ৰাভাতৰ ওপৰত গাহৰিৰ নেজ আৰু কুকুৰাৰ ঠেং থিয়কৈ বাই দিয়া হয়। মৃতকৰ (মতা নাইবা তিৰোতা) ভাগিনীজনীয়ে এই গাষ্ঠি সজোৱাৰ একমাত্ৰ অধিকাৰী। ভাত ৰন্ধা কামো তাই নিজেই কৰিব লাগে। গাহৰিৰ নেজ আৰু কুকুৰাৰ ঠেংটো ভাতৰ লগতে সিজাই দিব লাগে নাইবা নিসিজোৱাকৈও দিব পাৰি। মদ ‘চুজুক বা ঘৰীৰ (এবিধ কাষত নলী থকা পাত্ৰ) দ্বাৰা গাষ্ঠিত অৰ্পণ কৰিব লাগে। গাষ্ঠিৰ প্ৰতিভাগৰ থালৰ সন্মুখত এখনকৈ নতুন বগা ৰঙা কাপোৰৰ ওপৰত এখন ঢাল, এখন তৰোৱল ৰাখি থোৱা হয়। মৃতকৰ ভাগিনীজনীয়ে মধ্যভাগৰ কাপোত কঁকালত বান্ধি লৈ ঢাল তৰোৱাল লৈ গাষ্ঠিৰ চাৰিওফালে ঘূৰি ঘূৰি নাচিবলৈ ধৰে। লগে লগে আন যিকোনো হয়জনী তিৰোতায়ো কঁকালত থালৰ সন্মুখত ৰখা কাপোবোৰ লৈ কঁকালত বান্ধে আৰু ঢাল তৰোৱাল লৈ ভাগিনীজনীৰ পিছে পিছে ঘূৰি ঘূৰি নাচিবলৈ ধৰে। সমাজৰ নিয়োজিত মানুহে ঢাক, কাঁহ, কাৰা, বাঁহী আদি বজাই থাকে। সেই বাদ্যৰ চেয়ে চেয়ে নাচে আৰু মৃতকৰ উদ্দেশ্য কৰি ইনাই-বিনাই কান্দি কৰুণ ৰসেৰে শোক সঙ্গীত গায়। তিৰোতাকেইজনীৰ ভাগৰ লাগিলে, সেই কাপোৰ, ঢাল, তৰোৱাল আদি আন মতা মানুহক দিয়ে। কিন্তু ভাগিনীজনীয়ে মৃতকৰ ভাগিনজনকহে দিয়ে। মৃতকৰ নিজা ভাগিনী নাথাকিলে যায় বা হৰি সম্বন্ধীয় ভাগিনে গ্ৰহণ কৰিব পাৰে। আন আন গাঁৱৰ পৰা অহা আত্মীয় স্বজন, বাৰায়-হৰি আৰু মাহাৰীসকলেও মানছালেংকা (মাছৰৰকা), অন্দলেংকা (কাঠৰকা), তুপুবোদা (বাৰসাপ অৰ্থাৎ অজগৰ), পানজাংকা (কাঠৰ প্ৰতীক), বাদাটিকা (বাঢ়ৈটোকা) আদি কাঠেৰে কৌশলপূৰ্ণভাৱে তৈয়াৰ কৰি আনে আৰু গোটেইদিন গোটই ৰাতি বাদ্যযন্ত্ৰৰ চেয়ে চেয়ে নাচে, গান গায়, আৰু সেই কাঠৰ বস্তুবোক নচুৱায়। এইবোৰ যোগেদি তেওঁলোকে নিজ নিজ শিল্পকলাৰ কৃতিত্ব দেখুৱায়। যাতিপুৱা গৃহস্থই নতুন কাপোৰ ১০ হাত ভাগিনীজনীক দিয়ে। গাষ্ঠিত সজোৱা ভাত-আজাবোক মায়চকো বুলি কোৱা হয়। এইবোৰ সমাজৰ মানুহে শন (বি ঠাইত শটোক শোৰা হৈছেনাইবা পোতা হৈহ) পেলাই থৈ আহে। তাৰ পিছত সামূহিক হিচাপে ম-ভাত খায়। আঞ্চলিক সমাজ যাতে ফাগাঠি’ বা ‘ স্বতি বিধি ব্যয় বেয়ে বেলেগ। যখনি ৰাভাৰ মানুহ মৰিলে মূক পুৰি পেলায় আৰু মাটিতে পুতি থয়।