পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেনে :-- ( / ) অন্যো অন্যে বসে আতি হৈবে মনোৰম। যেন চেনি মিশ্ৰে দুগ্ধ স্বাদত উত্তম॥১১ মূলত নথক। তলৰ মনোৰম চিত্ৰ:- পূৰ্ব্বৰ বচন হৰি মনে সুমৰিল। যিকালত 'ইটে। শিশুপাল উপজিল | তিনি চকু চাৰি হাত সহিতে জন্মিল। অনন্তৰে আকাশত বচন শুনিল। ইটো ছৱালৰ এক আঁখি দুই হাত। গুচে ততকালে জানা যাহাৰ কোলাত॥ তাঁহাৰে হাতত ইটো মৰিব নিশ্চয়। হেন শুনি সবন্ধু বান্ধৱে ভৈলা ভয় || পৃথিৱীৰ ৰাজাগণ যতেক আছিলা। সবাৰো হাতত নিয়া ছৱালক দিলা || কাহাৰে৷ কোলাত নুগুচিল চক্ষু হাত। অনন্তৰে লৈলা গৈয়া মাধৱে কোলাত || এক আঁখি দুই হাত লুকাইল তেখেনে দেখি দমঘোষ গৈয়া পৰিল চৰণে॥ ভাৰ্য্যা সমে মাধৱক পৰম কাতৰ। বোলে প্ৰভু আমাক দিয়োক পুত্ৰ বৰ॥ দিনে দশ দোষ আৰ ক্ষমিবাহা জানি। মাধৱে বোলন্ত পেসী শুনা মোৰ বাণী॥ দিনে একশত দোষ ক্ষমিবো তোমাৰ। একশতাধিক ভৈলে চিন্তিবোহে৷ মাৰ॥৬২২-৬২৮