পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ ৰাজসূয় চন্দ্ৰমাৰ শাৰি যেন জ্বলে নখচয়। আঙ্গুলিত জাপ ৰত্ন আঙ্গুষ্ঠি জ্বলয়। আৰকত কৰ যেন নৱকিশলয়। অঙ্গদ কঙ্কণ চাৰু বলয় জলয়॥১৮২ সিংহবন্ধ কন্ধক দেখন্তে মনোহৰ অশ্বত্থৰ পত্ৰ যেন বলিত উদৰ। হৃদয়ৰ মধ্যত শ্ৰীবৎস কৰে কান্তি। নীলমেঘ খণ্ডে যেন জ্বলে বক পান্তি। ১৮৩ উদৰত ত্ৰিবলী বলিত আৰকত। . সিন্দূৰৰ ৰেখা যেন জ্বলে অঞ্জনত॥ পাট পীত ভুনি জ্বলে কটি প্ৰদেশত। বিদ্যুত বেঢ়িছে যেন অঞ্জন পৰ্ব্বত ||১৮৪ কনক কিঙ্কিণী পান্তি কৰে ৰুণ জুন। পীত উত্তৰীয় কান্ধে জ্বলে নৱগুণ॥ কৰী কৰ সম উৰু জানু সুবলিত। জঙঘাত হোৰৰ জ্বলে ৰতনে ৰচিত॥১৮৫ অভিনৱ পদ্ম যেন চৰণ দুতয়। তাৰ মাজে মণিময় নূপুৰ জ্বলয়॥ সুন্দৰ আঙ্গুলি মাজে উজণ্টি ৰত্নৰ। পদ্ম মধু লোভে যেন উপাসে ভ্ৰমৰ। ১৮৬ নিৰ্ম্মল উজ্জ্বল আতি জ্বলে নখচয়। শাৰি হুইয়া যেন চন্দ্ৰগণে প্ৰকাশয়॥ অলকত সম সুকোমল পদ তল। ৰঞ্জে ধ্বজ বজ্ৰ, যব অঙ্কুশ কমল॥১৮৭ পৰম মধুৰ মূৰ্ত্তি বসি ভগৱন্ত। কোটি শশাঙ্কতো কৰি জ্বলন্তে আছন্ত॥