পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় ৩৫. পদ শুক নিগদতি শুনা ৰাজা পৰীক্ষিত কৃষ্ণৰ পয়ান লীলা কথা বিপৰীত॥ সংসাৰ সাগৰে ইসে কৰিবেক ত্ৰাণ। কলিতে নাহিকে পুণ্য ইহাৰ সমান॥১৬৩ অনন্তৰে ভগৱন্ত দৈৱকী নন্দন। সাৰথিক চাহি হেন বুলিলা বচন। দাৰুক প্ৰমুখ্যে শুনা সাৰথি সমস্ত। ঝাণ্টে ৰথ সাজি আন চলো ইন্দ্ৰপ্ৰস্থ॥১৬৪ শুনিয়ো উদ্ধৱ অন্তঃপুৰে চলি যাহা। মহিষীসৱক তুমি জাণ্টে চলৱাহা॥ স্বকী স্বকী যানে সবে চলোহো সত্বৰ। 'বাহিৰে চলিলো হেৰা নযাওঁ আৰ ঘৰ॥ ১৬৫ চলেকি লগত যত দাসী দাস মানে। নিৰন্তৰে বেশ্যাগণ চলোক বিমানে॥ হয় হস্তী ৰথ ৰথী সেনা যত চতুৰঙ্গ দলে সাজি চলোক যত। লগত। ১৬৬ শুনিয়া লোকৰ মহা হৰিষ মিলিল। সাজ সাজ বোল ৰোল উম্মি উথলিল। সাগৰৰ যেন জলজন্তু উজৰিল। পৰম কেতুকে সাজি তেখনে লড়িল॥১৬৭ উদ্ধৰে চলাইলা যত মহিষী সকল। ৰুক্মিণী প্ৰমুখ্যে নাৰী কৰে কুতূহল॥ কিনো অনুগ্ৰহ কৰিলন্ত কৃষ্ণ স্বামী। জানিলে৷ পৰম সুভাগিনী তান আমি॥১৬৮