পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 ৰাজসূয় ভৈলে কৃষ্ণ আনো জৰাসন্ধ বধ অনেক কাৰ্য্য সাধয়। শিশুপাল আদি ৰাজাক বধক তেবে অপ্ৰয়াসে হয়। কালৰ বিপাকে পুণ্য পৰিপাকে তোহ্মাৰ গমন হেতু। তব অভিমত সিজে কাৰ্য যত পাণ্ডৱ ৰাজাৰ ক্ৰতু॥ ১৬০ উদ্ধবৰ হেন শুনিয়া যুগুতি যত যদ বৃদ্ধগণে। গোবিন্দ নাৰদ প্ৰমুখ্যে সবেও পূজিলা সাধু বচনে॥ ধন্য ধন্য ইসি উত্তম উপায় কহিলন্ত মহাভাগে। মাধৱে বোলন্ত মোহোৰ মনত এহিসে যুগুতি লাগে॥১৬১ আগহন্তে জানো উদ্ধৱ বিনাই নজানে আনে উপায়। এহি বুলি ইন্দ্ৰ- প্ৰস্থক যাইবাক শুনা সভাসদ সাজিলন্ত যদুৰায়॥ কৃষ্ণৰ লীলা প্ৰধান। ভাগৱত পদ একচিত্ত কৰি বোলা হৰি হৰি পাতক হৌক নিৰ্য্যান॥১৬২ -:():-