পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় ৩১ ইসব কাৰ্য্যৰ শুনিয়ো নিয়ম কহো অনুক্ৰমে আমি। পাণ্ডৱৰ ইন্দ্ৰ প্ৰস্থক চলিয়া প্ৰথমতে যাইয়ো স্বামী॥ তথাতে পাণ্ডৱ নৃপতিত পাছে অনুমতি মাগি লৈয়া। তাহান নিমিত্তে তুমি মহামতি মাগধক বধা গৈয়া॥১৫১ সিটো মহাবলী অযুত প্ৰমত্ত হস্তীৰ বলে সমান। তাহাক বধন্তা বলবন্ত মাজে ভীম বিনে নাহি আনি॥ ভীমৰ হাতত মৰাইবাহা হেন তোহ্মাৰো হুইয়াছে চিত্ত। দ্বৈৰৰ্থ যুদ্ধত মাৰিবন্ত ভীমে তাহাৰো বিধি লিখিত॥১৫২ এতেকেসে তুমি ভীম ধনঞ্জয় দুহাঙ্কো লগত লৈয়া। ব্ৰাহ্মণৰ বেশ ধৰিয়া তিনিয়ো যুদ্ধ প্ৰাৰ্থিবাহা গৈয়া॥ পাছে জসিন্ধে তোৰা দুইকো তেজি ঘোৰ যুদ্ধ কৰি ভীমক বৰিব ৰণে। · নিমিত্ত তুমি কাৰণে॥১৫৩ মাৰিবন্ত ভীমে