পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ ৰাজসূয় তোহ্মাৰ মনত কিবা আছে মত কিমতে জানিবো আমি। তথাপি বচন পালি যেন জানো কহিবো তোহ্মাত স্বামী॥ নাৰদে যি কৈলা কৰিব যজ্ঞ যুধিষ্ঠিৰ মহাভাগে। তাহান কাৰ্য্যত অৱশ্যে তোহ্মাৰ সহায় হুইবাক লাগে॥১৪৮ শৰণীয়া ৰাজা গণক ৰাখিতে লাগে জৰাসন্ধ মাৰি। দুইয়ো গোটা কাৰ্য্য নিশ্চয়ে কৰ্ত্তব্য তোহ্মাৰ হোৱে মুৰাৰি॥ ৰাজসূয় যজ্ঞ জয়ন্তে কৰিতে লাগয় দিক্‌বিজয়। লক্ষেক নৃপতি জিনিয়া একত্ৰ কৰাইবাহা মহাশয়॥১৪৯ মোৰ মতে যেবে সেহি সময়ত জৰাসন্ধ বধ হয়। তেবেতো আমাৰ উভয় প্ৰকৰি দুতয় কাৰ্য সাধয়॥ তোহ্মাৰো পৰম যশস্যা বাঢ়য় যজ্ঞ সিজে পাণ্ডৱৰ। দুখ অদভুত বন্ধৰ মুকুত হোৱে নৃপ নিৰন্তৰ॥ ১৫০