পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ ৰাজপুৰ শত্ৰুক মাৰিতে কুটুম্বিতা নহৰায়। মিত্ৰৰ কাৰ্য্যক প্ৰভু সৰ্ব্বক্ষণে পায়॥১৩১ নলাগে তোহ্মাৰ যাইতে আজ্ঞা যেবে পাওঁ। পাঞ্চি পঠাইয়োক আমি যুজিবাক যাওঁ। কোন হয় জৰাসন্ধ আহ্মাৰ আগত। গৰ্জ্জে যদুবীগণ বলৰ দৰ্পত॥১৩২ মাৰো জৰাসন্ধ বুলি কৰে হুলস্থূল। মহ৷ কোলাহল ৰেলি মিলিল তুম্বুল॥ কৃষ্ণৰ মনৰ কেহো নজানয় নৰ্ম্ম। প্ৰথমতে মাধৱে কৰিব কোন কৰ্ম্ম॥১৩৩ কতক্ষণে নিজম পৰিল যদুগণ। সবাৰো উত্তৰ শুনিয়াছে নাৰায়ণ॥ বোলন্ত নজানে কেহো কাৰ্য্য ব্যৱহাৰ। নুবুজো আশয় একো চিত্তৰ আন্ধাৰ॥১৩৪ মহা মদগৰ্ব্বে কৰে আতি আড়ম্বৰ। এহিবুলি উদ্ধৱক চাহি দামোদৰ॥ পৰম মধুৰ বাক্য বঢ়াইয়া উৎসৱ। বোলন্ত শুনিয়ে৷ মোৰ সুমন্ত্ৰী উদ্ধৱ॥১৩৫ তুমিসি পৰম চক্ষু যেন মোৰ প্ৰাণ। সুহৃদ বান্ধৱ তুমি বিনে নাহি আন॥ মহা মুখ্য মন্ত্ৰী মন্ত্ৰণাৰ জানা তত্ত্ব। বুদ্ধিত সাগৰ জানা ভাল মন্দ যত॥১৩৬ গহীন গম্ভীৰ যত গুণেৰ মন্দিৰ। সুবোধ সুধীৰ ধীৰ তুমি মহাবীৰ॥ মৌৰ মনোগত তত্ত্ব তুমি জানা মাত্ৰ। সৰ্ব্বজান কুশল মোহোৰ মহা পাত্ৰ॥১৩৭