পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় ঋযিয়ো হৰিষে বেদমন্ত্ৰ কৰি নাদ। গভাগনে কৃষ্ণক কৰিলা আশীৰ্বাদ | অমৃত সমান প্ৰিয় মধুৰ বচনে। তপিয়া মুনিক নাতিলস্ত নাৰায়ণে॥৯৯ আজি কিনো আহ্মাৰ মিলিল মহাভাগ। যিহেতু তোহ্মাক দেখিবাক পাইলো লাগ॥ যাক দেখিবাক নপাৱন্ত দেৱগণ। মানুষে দেখিলোঁ হেন ঋষিৰ চৰণ॥১০০ বিষয়ীৰ আহ্মাৰ মলিন নহা চিত্ত। তোহ্মাৰ চৰণ ৰেণু কৰিল৷ পৱিত্ৰ॥ তুমি মহা মুনিব নহিমা কৈবো কত। পৱিত্ৰ কৰিয়া ফুৰা তিনিও জগত॥১০১ ঈশ্বৰ নিৰ্ম্মিত ইটো যতেক সংসাৰ। আত অবিদিত কিছু নাহিকে তোহ্মাৰ॥ যেন বায়ু বাহিৰে ভিতৰে গতি কৰে। সেহিতে চিত্ত তুমি জানা সমস্তৰে॥১০২ সম্প্ৰতিক পুছোঁ এক কাহিনী তোহ্মাত। যুধিষ্ঠিৰ দাদা কিবা কৰন্ত সাক্ষাত॥ কিবা একো মনোৰথ হুইয়া আছে তান। জানিবাক চাহোঁ মোত কৈয়ো বিদ্যমান॥১০৩ হেন শুনি দেৱঋষি গুণন্ত মনত। নুবুজি কৃষ্ণৰ ইটো মায়াব মহত্ত্ব || সমস্তে জীৱবে সাক্ষী আত্মা অন্তৰ্য্যামী। এন্তে নজনিত কিছু জানিয়াছোঁ আমি || 108 হেন শুনি কৃষ্ণত নাবদ নিগদতি। নুবুজি তোহ্মাৰ ইটো মায়া যদুপতি॥