পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ সংসাৰ তাপত ভয় ৰাজসূয় চাপিলো চৰণ হুয়া আমি ৰাজচিৰ ছায়াতল। নমো নমো দেৱ হবি তাপচয় দূৰ কৰি কৰা কৃপা ভকত বত্সল॥৮o কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ তুমি নাৰায়ণ সৃষ্টি স্থিতি লয়ৰ কাৰণ। মায়াৰ ঈশ্বৰ দেৱ চৰাচৰে কৰো সেৱা ভকতৰ ভয় বিমোচন॥ হেন দেৱ দামোদৰ হিত চিন্তি জগতৰ পৃথিৱীত ভৈলাহা বেকত। তোহ্মাৰ অভয়পদ পঙ্কজে প্ৰণাম কৰো আমি হেৰা ৰাজাগণ যত॥৮১ মনুষ্যৰ ভিন্নমতি তোহ্মাত নুপুজৈ ৰতি আক ভালে জানিলো নিশ্চয়! তোহ্মাত ভকতি হীন ভৈব যিটো বুদ্ধি ক্ষীণ নুগুচে তাহাৰ মৃত্যুভয়॥ বিক্ৰমে পাতকে ৰত কাম্য কৰ্মে উনমত ভৈল সবে লোক নিৰন্তৰ। পৰম কুশল কৰ্ম তোহ্মাৰ ভকতি ধৰ্ম তোহ্মাৰেসে মায়াময় কটাক্ষে৷ নকৰে তাক নৰ॥৮২ পশি কৰে তাহাতে বিগ্ৰহ। সংসাৰ সাগৰে সিটো বিষয় প্ৰমত্ত হুই জীৱিকাক চিন্তে সাৰ ৰাত্ৰি দিনে ধনত আগ্ৰহ।