পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ ৰাজসূয় চিন্ন চৌণ্ড৷ জ কতো নচুৱাৱে তুলি। নমাৱয় মাথ৷ কতো জয় কৃষ্ণ বুলি॥ কৰয় প্ৰাৰ্থনা কতো৷ প্ৰাৰ্থকসকলে। যেই যিবা খোজে দেন্ত কৃষ্ণে কৌতূহলে॥৬৭ কৃষ্ণৰ মধুৰ মূৰ্ত্তি নেত্ৰে কৰি পান। আছে প্ৰাণীগণ যোগী যেন কৰি ধ্যান || উদ্ধৱ সাত্যকি নন্দ সুনন্দ প্ৰমুখ্যে কৃষ্ণৰ চৰণ চিন্তি বসি আছে সুখে॥৬৮ প্ৰসন্ন বদনে হৰি চান্ত চতুভিতি। অমৃত বৰিষি যেন কৰন্ত তৃপিতি॥ গহীন গম্ভীৰ বাক্য অমৃত সমান। কৰ্ণাঞ্জলি ভৰি আতি প্ৰজা কৰৈ পান॥৬৯ পবন ঈশ্বৰ কৃষ্ণ জগত নিবাস। কৰতে আছয় শত্ৰু কৌটিৰো বিনাশ॥ আপোনাৰ কান্তি কোটি চন্দ্ৰমাকে। গঞ্জি। বসিয়া আছন্ত প্ৰভু সমজ্যাকে ৰঞ্জি॥৭0 নমো নমো নাৰায়ণ নিত্য নিৰঞ্জন। প্ৰণত পালক ভৱভয় বিভঞ্জন। যাব কৃপালেশে সিদ্ধি হোৱে মনস্কাম। হেন জানি নিৰন্তৰে বোলা ৰাম ৰাম ||৭১ -:0:-