পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় বেঢ়ি যাই অসঙ্খ্যাত হয় হস্তী ৰথ'। প্ৰজাৰ ভিতৰত দলদোপ কৰৈ পথ॥ এহিমতে সুধৰ্ম্মা সভাত প্ৰৱেশন্ত। দেৱৰো দেৱতা আদি দেৱ ভগৱন্ত॥ ৫৪ সুধৰ্মা সভাব কিবা কহিবো মহত। প্ৰৱেশিলে যুবা হোৱে বৃদ্ধগণ যত॥ মহা চিৰৰোগী সবো পাৰয় সকশি। প্ৰৱেশ মাত্ৰকে চয় উৰ্ম্মিৰ বিনাশ॥৫৫ মনুষ্যৰ ধৰ্ম্মে তেজে যাহাত চৰিলে। দেৱতাৰো প্ৰতি আতি তাহতেসে মিলে। একেজন প্ৰৱেশিলে যাহাৰ মধ্যত। তাৰ প্ৰতিবিম্ব লাগে ফটিক তন্তুত॥৫৬ প্ৰতি প্ৰতি তত্ত্বে তাক দেখিয় প্ৰত্যেক এককে বেঢ়িয়া যেন থাকৰ অনেক বাসৱব সভা বিশ্বকৰ্মে নিম্নিলন্ত। তাহাৰ মহিমা কোনে কহিবেক অন্ত॥৫৭ হীৰা মৰকত ৰত্ন কাসে জ্যোতি কৰে। কৃষ্ণক সাদৰে পঠায় দিল৷ পুৰন্দৰে॥ ত্ৰিদশে ক্ৰীড়িল৷ যাত মহ। কৌতূহলে। কৃষ্ণৰ প্ৰসাদে পায়া মনুষ্যসকলে। ৫৮ অহৰ্নিশে পৰম আনন্দে কেলি কৰে। তাহাৰ মাজত প্ৰৱেশন্ত দামোদৰে। ৰত্নময় সিংহাসনে প্ৰভু নাৰায়ণ। শৰীৰৰ কান্তি কৰে দিশক প্ৰসন্ন॥৫৯ সভাস্থল জ্বলে যেন দিব্য সৰোবৰ। গহীন গম্ভীৰ জন লোক নিৰন্তৰ॥