পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় সলজ্জ কটাক্ষে হাস্য প্ৰেম নিৰীক্ষণে। অৰ্চ্চ ন্ত কৃষ্ণক নিৰন্তৰে ৰঙ্গমনে॥৪৭ অনন্তৰে মাধৱৰ সাৰথি দাৰুক। পৰম অদ্ভুত বথ জোগান্ত প্ৰভুক `সব্য সুগ্ৰীৱ মেঘ পুষ্প বলাহক। নিযোজি আছন্ত ৰথে চাৰিও ঘোটক॥ ৪৮ নানা ৰত্নে বিবচিত দিব্যবথ খণ্ড। বিচিত্ৰ পতাকা সুবৰ্ণৰ ব্ৰজদণ্ড | সাজি আনি সাৰথি বিমান বিপৰীত। কৃষ্ণক প্ৰণামি আগে ভৈল৷ উপস্থিত॥৪৯ দেখি পাছে কৃষ্ণে সৰথিৰ ধৰি হাতে। ছৰিল৷ ৰথত পাছে ত্ৰৈলোক্যৰ নাথে। উদ্ধৱ সাত্যকি সমে প্ৰভু দামোদৰ। উদয় গিৰিত যেন জ্বলন্ত ভাস্কৰ॥ ৫০ নাৰীগণে মেৰু হন্তে পাছে নাৰায়ণ। কটাক্ষে হাসিয়৷ তাসম্বাৰ হৰি মন॥ প্ৰতি প্ৰতি গৃহহন্তে প্ৰথমে আসন্ত। দ্বাৰত দেখিয়৷ একে মাত্ৰ ভগৱন্ত॥ ৫১ আগে পাছে অসংখ্য আমাত্যে বেঢ়ি আসি। চতুভিতি মাধৱক চলন্ত উপাসি॥ শিৰৰ উপৰে শ্বেত ছত্ৰ জ্যোতি কৰে। যেন পূৰ্ণ শশী নীল মেঘৰ উপৰে॥৫২ দুই পাশে বিঞ্চে দুই ধৱল চামৰে! যেন বাজহংস দুই আকাশে সঞ্চৰে॥ ধীৰে ধীৰে সুধৰ্ম্মা সভাক চলি যান্ত। অমৃত কটাক্ষ হাস্যে সমস্তকে চাস্ত॥ ৫৩