পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাজসূয় সুন্দৰ আকৃতি জাতি তাহাৰ নেদেখি। কমন মহন্তে আছে মধুক উপেক্ষি॥৯ মোব পদ ভৈল ধু गाখ गान | কৃষ্ণৰ চৰিত্ৰ মহা মধু পটন্তৰ। হেনজানি কৃষ্ণৰ চৰিত্ৰ কৰা সাব। শ্ৰৱণতে তবি সুখে দুৰ্ঘোৰ সংসাৰ॥১০ মহাভাগৱত পদ সাক্ষাতে অমৃত। আনো শাস্ত্ৰ মত কিছু কৰিবো মিশ্ৰিত॥ অন্যো অন্যে বসে আতি হৈবে মনোবন। যেন চেনি মিশ্ৰে দুগ্ধ স্বাদত উত্তম॥১১ বাজসূয় কথা পাছে কহো অনুক্ৰমে। কথাৰ প্ৰস্তাৱ যেন শুনিও প্ৰথনে | শুকমুনি পৰীক্ষিত বাজাত, কহিলা। যেনমতে হৰি গৃহাশ্ৰমত ক্ৰীড়িলা॥১২ সাগৰ মধ্যত প্ৰভু পুৰুষ পুৰাণ। দিব্য মনোহৰ পুৰি কৰিলা নিৰ্ম্মাণ | দ্বিতীয় বৈকুণ্ঠ সিটো কৃষ্ণৰ নগব। ত্ৰিভুবন মধ্যে নাহি যাক পটন্তৰ॥১৩ দীৰ্ঘে প্ৰস্থে জুবি আছে দ্বাদশ যোজন। আছেকি মনুষ্য দেৱতাৰো দুৰ্গমন || সুবৰ্ণব গড় বান্ধি হীৰাৰ দুৱাৰ | ফটিক কপাত যত লোহাৰ হাঙ্গাৰ॥১৪ দীৰ্ঘে সৰোবৰ আলি চৌপন্থা পদূলি। বিচিত্ৰ চম্বৰ * বহুবিধ ৰত্ন স্থলি। চোতাল, প্ৰাঙ্গণ। 16