পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

२ বাজসূয় চৰাচৰ আত্মা কৃষ্ণ দেৱতাৰো দেৱ। হেনয় কৃষ্ণক কবো লক্ষ কোটি সেৱ। গুৰুত্ব চৰণে মনে কৰি নমস্কাৰ। মাধৱে ৰচিল কৃষ্ণ চৰিত্ৰ 119 মাঙ্গল আচৰি। কৃষ্ণৰ কীৰ্তন মহা গুৰু কৃপা উপদেশ শিৰোগত কবি॥ বিৰচিবো কৃষ্ণ-লীলা যেন লৱে মনে। আৰম্ভৰ সিদ্ধিহৌক কৃষ্ণৰ স্মৰণে॥৪ যেন মতে কৃষ্ণে ভকৃতিত বশ্য হুই। যুধিষ্ঠিৰ ৰাজাৰ কৰাইল৷ বাজসূয়॥ জৰাসন্ধ বধি সাধি নিজ প্ৰয়োজন। ভক্ত ৰাজা সমস্তক কবাইল৷ মোচন॥৫ লক্ষেক নৃপতি জিনি এক থান কৰি। সভা মধ্যে: শিশুপাল : ৰাজাক সংহৰি॥ যিমতে কৰাইল৷ অবভূথ অভিযেক। সিসব কথাৰ পদ ৰচিবো প্ৰত্যেক॥৬ শুনা সভাসদ বোলে৷ কৃতাঞ্জলি হুই। পৰম গহন কথা ৰাজ ৰাজসূয়॥ অল্প মতি হুয়া মহা কৰিলো আৰম্ভ। তুমিসবে আত নকৰিবা উপালম্ভ॥৭ ক্ষমাসে ভূষণ মহা মহন্ত জনব। তুমিসব মহাগুণী বুদ্ধিত সাগৰ॥ মূৰ্খৰ পদব দূষণত নেদি চিত। কৰা পান কৃষ্ণ-কথা পৰম অমৃত॥ ৮ মধু মাখি সব বিদ্যা, ৰূপে গুণে হীন। সুখে মাত্ৰ মধু সাঞ্চি আছে অনুদিন ||