পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী পঞ্চল্লিশ অধ্যায় (ৰাঙলী বাহৰত ৰজাৰ আদেশ) 69 ৰাজমাও দেউতাক দেখা কৰি কিবাকিবি অলপ কথা-বতৰা হৈ বৰবৰুৱা ৰাঙলী বাহৰলৈ গৈ পোৱাত অপৰাধী হালৰ কি দণ্ড হয় ইয়াক চাবলৈ চাৰিওফালৰ পৰা প্ৰজা আহি ৰাঙলী বাহৰ ভৰি পৰিল। বৰবৰুৱাই চ'ৰাঘৰৰ সমুখত আসন পাৰি বহি— ভানু, কাঁহমতী, দয়াৰাম, ৰহদৈ এই চাৰিওজনকে অনাই থিয় কৰিলে। বৰবৰুৱাই পোনপ্ৰথমে ভানুৰ বুদ্ধি, ৰাজভক্তি, এই সমস্ত সকলোৰে আগত শলাগি ৰাজমাৱে মনে মনে পঠিয়াই দিয়া সোণৰ মোহৰ দহোটা ৰজাই দি পঠিয়াইছে বুলি কৈ ভানুক দিলে। কাঁহমতীকো সেইদৰে পাঁচোটা সোণৰ মোহৰ দিলে। তাৰ পিছত দয়াৰামক ক'লে— “হেৰ চোৰ তোৰ ভাগ্য এফেৰা ভাল। নহ'লে তোক ৰজাই কাটি পেলাবলৈকে আদেশ দিছিল। পিছত ৰাজমাও আৰু ৰাণী মাৱে ৰজাক কাকূতি-মিনতি কৰাত ৰজাই তোক প্ৰাণে নামাৰি ইয়াৰ পৰা খেদি দিবলৈ আদেশ দিছে। তই সৌ নগাপাহাৰৰ ফালে যাগৈ।” এই বুলি বৰবৰুৱাই কোৱা মাত্ৰেই ৰূপচিং চুবেদাৰৰ তিনিটা চিপাহীয়ে বেচেৰাক, ঢকিয়াই ঢকিয়াই প্ৰায় এমাইল বাট লৈ গ'ল। সি সকলোৰে চকুৰ আঁতৰ হ'লত বৰবৰুৱাই ৰহদৈক ক'লে— “হেৰ ৰহদৈ! তোৰো কপাল ভাল। নহ'লে ৰজাত অবিশ্বাসিনী হোৱাৰ বাবে প্ৰাণ নামাৰিলেও চকু বা নাকটো গ'লহেঁতেন। তিৰোতা মানুহক দণ্ড-বন্ধ কৰিব নাপায় বুলি ৰাণী মাৱে আৰু ৰাজমাৱে বৰকৈ কাকুতি-মিনতি কৰিবলৈ ধৰাত ৰজাই তোক খেদি পেলাইছে। তই আৰু কেতিয়াও ৰজাৰ ওচৰলৈ যাব নোৱাৰ। ৰাজমাৱে তোক এই ৰূপচিং চুবেদাৰৰ তিৰোতা হ'বলৈ উপদেশ দি পঠিয়াইছে।” ৰহদৈ— ৰজাই মোক ৰূপচিং চুবেদাৰক দিব দিছিনে? বৰবৰুৱা ৰজাই সেই বিষয়ে একো কোৱা নাই। ৰহদৈ— তেনেহ'লে মই বঙাললৈ নেযাওঁ। ৰাজ্যৰ ৰজাহে গৰাকী ৰাজমাৱতো গৰাকী নহয়। বৰবৰুৱা— তই এতিয়াও জনা নাইনে যে ৰজা পুতলা মাথোন। ৰাজমাৱেহে ৰাজ্যৰ ঘাই ধৰণী। ৰহদৈ— দেউতা ঈশ্বৰ! বেটীয়ে হাত যুৰি. জনাইছোঁ ৰজাৰ বৰ্তমানে মই ৰাজমাৱৰ আদেশ মানিবলৈ বাধ্য নহওঁ। যদি ৰাজমাৱে ৰূপচিং বঙাললৈ বৰফুকন বধকৰা বঁটাস্বৰূপে কোনো অসমীয়া গাভৰুক দিব খুজিছে দিয়ক। ম‍ই ৰূপচিং বঙাললৈ প্ৰাণটো গ'লেও নাযাওঁ।