পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৬৫ আপোনালোকে বন্দীক এইদৰে নধৰা হ'লে বন্দী নিজেই ৰজাৰ শ্ৰীশ্ৰীচৰণত প্ৰাৰ্থনা জনালোহেঁতেন আৰু ৰহদৈয়ে কোৱা মতে স্বৰ্গদেৱ ঈশ্বৰেও বন্দীকে ৰহদৈক দি থাপিলেহেঁতেন।” বৰবৰুৱা— বাৰু অ'! চোৰ! তোৰ সাহ-পিতটোও কম নহয়! তই এইদৰে আৰু যে কিমান ঠাইত ভাল মানুহৰ ঘৰৰ ভিতৰলৈ সোমই কলংক কৰি ফুৰিছ তাৰ বা লেখ-জোখ ক'ত। তোৰ ৰজাই যেনেহ'লেও তোৰ গাৰ ভূতটো খেদাবলৈ নাকত, চকুত জলকীয়া দিব— গাত চোৰাত মেলি পানী ঢালিব— তাৰ পিছত তোক শূলত দি মাৰি তোৰ মঙহ কাউৰী শগুণক খুৱাব। তই শিয়ালে আহি সিংহৰ ঘৰত সিন্ধি দিছ। দয়াৰাম— যি ইচ্ছা দেউতাৰ আৰু স্বৰ্গদেৱৰ তাকে কৰিব পাৰে। এইদৰে জবানবন্দী লৈ দয়াৰাম আৰু ৰহদৈক ৰূপচিং চুবেদাৰ আৰু তেওঁৰ চিপাহীবিলাকৰ নজৰবন্দীত থৈ বৰবৰুৱা ৰজাৰ ওচৰলৈ গৈ সোধখন দাখিল কৰিলে। বৰবৰুৱাই সোধখন ৰজাৰ আগত পঢ়িব ধৰোতে ৰাজমাও আৰু ৰাণীও সিফালে ভিতৰৰ দুৱাৰ কাষত বহিলহি। ৰজাক পঢ়ি শুনোৱা হ'লত ৰজাই বৰবৰুৱাক সুধিলে— “ডাঙৰীয়া! এনেকুৱা দোষীক পূৰ্বাপৰ কি দণ্ড দিয়া হয়?” বৰবৰুৱাই মাতিবলৈ নৌপাওতেই সিফালে ৰাজমাৱে মাত দি ক'লে, – “সেই চোৰটোক হয় শূলত দিব লাগে নতুবা চুলি কাটি, ঘোল ঢালি নগা পাহাৰলৈ খেদিব লাগে। চুৰুণীক বঙালত বেচিব লাগে। তাইক ৰূপচিং বঙালত দিলেই উচিত শাস্তি হ'ব।” বৰবৰুৱাই ৰাজমাৱৰ মততে মত দিলে। পিছত ৰজাই বৰবৰুৱাক অলপ আঁতৰলৈ যাবলৈ দি ৰাণীক মাতি আনি সুধিলে— “ৰাণী! তুমি কি কোৱা? ” ৰাণী— “স্বৰ্গদেৱ ঈশ্বৰ! বেটীয়ে জনাও যে ৰহদৈক স্বৰ্গদেৱে বিশেষ শাস্তি একো কৰিব নালাগে। হেজাৰ হওত তাই তিৰীমতি আৰু সেই ডেকাটোক যেতিয়াই তাই সৰুৰে পৰা ভাল পাই আহিছে আৰু ৰাণী পদ যঁচাতো যে তাই তাক নাপাহৰিলে এইটো তাইৰ সতী গুণৰ চিনাকি। তাইক য'ৰ মানুহ তলৈ বিদায় দিব লাগে। দয়াৰাম বোলা সেই ডেকাটোক এৰি দিব লাগে। সতী-সাধ্বী তিৰোতাৰ মনস্তাপ লোৱা ভাল নহয়। দয়াৰামো প্ৰকৃত প্ৰেমিক— প্ৰেমৰ জৰীডালৰ টানতহে সি তেনেকুৱা দুঃসাহৰ কামটো কৰিছে।” ৰাণীৰ এই পৰামৰ্শত স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহে দীঘলকৈ হুমুনিয়া এটা কাঢ়ি ক’লে,— “ৰাণী! তোমাৰ কথা শুনিলো। ৰহদৈ যেনেকুৱা সতী, সংসাৰৰ সকলোবিলাক তিৰোতা এনেকুৱা হোৱা হ'লে এই সংসাৰখনেই স্বৰ্গ হ'লহেঁতেন। কিন্তু সংসাৰত সতী-সাধ্বী অতি বিৰল। বাৰু ৰাণী!