পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ ৰহদৈ লিগিৰী এনেকুৱা টোকোনা ভকতৰ ঘৰৰ জীয়ৰীত সজাত নাই। স্বৰ্গদেৱে তাইক ইমানকৈ ভাল পাই তাইক সৰু ৰাণী পাতিব খুজিছিল তথাপি তাই দেখোন দয়াৰামক নাপাহৰিলে?” ৰজা— “ৰাণী! তুমি এই কথা কাৰ পৰা শুনিলা?” ৰাণী— “স্বৰ্গদেৱ ঈশ্বৰ! মই মাৱৰ পৰা শুনিলোঁ। মাৱক বৰবৰুৱাই জনাইছেহি।” ৰজা— “বাৰু তেন্তে মই এতিয়াই বৰবৰুৱাক মতাই আনি কথাটো সোধো।” এই বুলি কৈ ৰজাই সৰু লিগিৰী এজনীক আদেশ দিলে বৰবৰুৱাৰ তালৈ চিপাহী এটা পঠিয়াই তেওঁক মতাই আনিবলৈ। লিগিৰীয়ে ৰজাৰ আদেশ পাই দুৱাৰৰখীয়া চিপাহী এটাক বৰবৰুৱাৰ তালৈ পঠিয়ালে। বৰবৰুৱা ততালিকে অহাত ৰজা চ'ৰালৈ ওলাই আহি বৰবৰুৱাক কথাটো সুধিলে। বৰবৰুৱাই ভানুৱে পঠোৱা কটকীয়ে যিদৰে কৈছিল সমস্তকে কোৱাত ৰজাই আদেশ কৰিলে বৰবৰুৱা নিজে চাওদাং চিপাহী লৈ গৈ বেজটোক আটক কৰি তাতে ৰাখিব লাগে আৰু গোটেই ঘটনাৰে সাক্ষীবাদীৰ জবানবন্দী লেখি আনি ৰজাৰ আদেশৰ নিমিত্তে সোধাব লাগে। লগত অপৰাধীহালক আনিব নালাগে। কিন্তু সিহঁতৰ ওপৰত কোনো অত্যাচাৰ নকৰাকৈ সিহঁত যাতে পলাব নোৱাৰে এনেকুৱাভাৱে বন্দী কৰি থৈ আহিব লাগে। ৰজাৰ আদেশ পাই বৰবৰুৱা তৎক্ষণাৎ ৰূপচিং চুবেদাৰ আৰু আঠজন চিপাহী লৈ ৰাঙলী বাহৰলৈ গ'ল— আৰু চিপাহী আঠজনৰ হতুৱাই টোলটো ঘেৰাও কৰি ৰাখি ভানু, কাঁহমতী, ছদ্মবেশী বেজ, ৰহদৈ এই সকলোটিৰে এটা এটাকৈ জবানবন্দী লেখিলে। ভানুকে ক'লে,— “তেওঁ ৰজাৰ হিতৰ অৰ্থে বেজটোৱে মানুহ-দুনুহ সকলোকে খেদাই ৰহদৈকনো কি কয়, কেনেকৈ জাৰে-ফুকে সেইবিলাক সি- খোঁটালীৰ পৰা কাণ উনাই শুনিছিল আৰু বেৰৰ জলঙাৰে চাইছিল। তাই যি সমস্ত কথা জনাই পঠিয়াইছিল সকলোখিনি নিজ কাণেৰে শুনা আৰু নিজ চকুৰে দেখা।” ৰহদৈয়ে জবাব দিলে যে “বেজজন তেওঁৰ সৰুকালৰ লগৰীয়া আৰু তেওঁলৈকে তাইক বিয়া কৰাবলৈ খোজা-বঢ়াও কৰিছিল। সতাই নৰকীয়ে তাইক মাক-বাপেক আৰু তাইৰ প্ৰেমিকৰ পৰা কাঢ়ি ৰজাঘৰলৈ ননা হ'লে এতেদিনে তাই সেই বেজৰূপী দয়াৰামৰ তিৰোতা হৈ সুখেৰে থাকিলেহেঁতেন। তাই এদিনলৈকো দয়াৰামক পাহৰা নাই, ইয়াতে থাকি ৰজাই যি ইচ্ছা তাইক সেই দণ্ড কৰিব পাৰে।” বেজৰূপী দয়াৰামক বৰবৰুৱাই ক'লে— “হেৰ চোৰ! তই এইদৰে ছদ্মবেশ ধৰি আনকি ৰজাৰ ঘৰতো সিন্ধি দিবলৈ আহিছিলি। ধন্য তোৰ সাহ! তোৰ জবাব কি?” দয়াৰাম— “দেউতা ঈশ্বৰ! বন্দীক কাটকেই বা মাৰকেই মই যাক সৰুৰে পৰা ভাল পাইছোঁ— যাৰ নিমিত্তে আজি তিনি বছৰে মই ঘৰ-দুৱাৰ এৰি বলিয়াবটিয়া হৈ ফুৰিছোঁ মোৰ সেই প্ৰণয়িনীৰ নিমিত্তে মই এই ছদ্মবেশেৰে আহি জৰা-ফুকাৰ ছলেৰে কথা কৈছো।