ৰহদৈ লিগিৰী খুৱাইছিল, আৰু বই-কাটি পিন্ধাইছিল। মুঠৰ ওপৰতে গৃহস্থীখন সুখৰ আছিল। ৰহদৈৰ মাক-বাপেকৰ ভিতৰত কোনো দন-খৰিয়াল হোৱা দেখা বা শুনাও নগৈছিল। উভয়ে ধৰ্মত মতি ৰাখি গধূলি চাৰিউটি প্ৰাণীয়ে নাম-প্ৰসঙ্গ কৰি, কৰি- ধৰি খাই মেলি জীৱন কটাইছিল। দ্বিতীয় অধ্যায় দয়াৰাম তেওঁবিলাকৰ ঘৰৰ পৰা অলপ আঁতৰত সেই গাঁৱতে ধনীৰাম নামেৰে এজন সেই জাতিৰে ধন-চহকী মানুহ আছিল। ধনীৰাম কমলাবাৰী সত্ৰৰ সেৱক আছিল আৰু আঢ্যৱন্ত আৰু তাৰ লগে লগে ভক্তিমন্ত হোৱাৰ কাৰণে সত্ৰৰ পৰা মেধি বাব পাইছিল। ধনীৰামৰ প্ৰথম পক্ষৰ তিৰোতাগৰাকীয়ে আমাৰ দয়াৰাম নামৰ এই ল'ৰাটো এৰি গাভৰু কালতে জীৱন-লীলা সামৰিছিল। দয়াৰামৰ মাক মৰাৰ বছৰেকৰ পাছত ধনীৰামে সুভদ্ৰা নামৰ আৰু এগৰাকী তিৰোতা বিয়া কৰাই সেই তিৰোতাৰ গৰ্ভত দুটি ল'ৰা আৰু এজনী ছোৱালী জন্মাই সুখেৰে কাল কটাইছিল। বাপেকৰ গৰু-ম'হ, মাটি-বাৰী, ধন-সোণ ঢেৰ থকা স্থলতো দয়াৰাম সৰুৰে পৰা মন-দুখীয়া আছিল। মাক-মৰা ল'ৰা মন-দুখীয়া হ'বৰে কথা, তাতে যদি মাহীয়েকৰ পৰা এফেৰা সদ্ব্যৱহাৰ পালেহেঁতেন তেনেহ'লে কি জানি দয়াৰামে মাতৃ-শোক পাহৰি সুখী হ'ব পাৰিলেহেঁতেন। কিন্তু মাহীয়েক সুভদ্ৰাই আন আন সতিয়ৈ মাকে সতিয়ৈ পুতেকক যিদৰে ব্যৱহাৰ কৰে, দয়াৰামকো সেইদৰে নিমৰমিয়াল ভাবেৰেহে ব্যৱহাৰ কৰিছিল। দয়াৰামক প্ৰায় সততে খোৱা-পিন্ধাত কেটেৰ-জেঙেৰ কৰিছিল আৰু সি বুজন হ'বৰে পৰা সিহঁতৰ ঘৰৰ যিটো ঘাই মতা ম'হ সেইটো চৰোৱা-বন্ধোৱা বাবটো তাৰ মূৰত জাপি দিছিল। বাপেকৰ তালৈ মৰম থাকিলেও মাহীয়েকৰ ভয়ত সেই মৰম দেখুৱাব নোৱাৰিছিল। কৰোঁতা-মিলোঁতা মানুহ থকাতো দয়াৰামে ম'হ চাৰিহে ভাত খাবলৈ পাইছিল। তৃতীয় অধ্যায় নৈৰ ঘাটত ৰহদৈয়ে আজিকালিকৈ বাৰ বছৰ বয়সত ভৰি দিলে। পাটগাভৰু হ'বৰে পৰা তাইৰ ৰূপৰ জেউতি চৰি আহিল। সৰুৰে পৰা তাই অতিকৈ জাকত-জিলিকা ছোৱালী আছিল। তাইৰ বৰণ বগা, মুখখন চুচিকটা, নাকটো টন্টনীয়া, চকুযুৰি হৰিণীৰ
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই