পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

05 ৰহদৈ লিগিৰী ভালেতোহে এওঁ ৰজাৰ চকুত পৰিল। এওঁ এতিয়াই জাকত জিলিকা! আগলৈ যে কেনেকুৱা এজনী দীপলিপ সুন্দৰী গাভৰু হ'ব তাৰ উপমাই নহয়। ৰতিকান্ত! তোৰ এই ছোৱালীজনী ৰজাৰ চকুত লগা বাবে ৰজাই তাইক নিবলৈ আমাক পঠিয়াইছে।” ৰতিকান্ত— (দুখ মনেৰে) প্ৰভুদেৱ, ৰজাইনো মোৰ এই আকলন ছোৱালীজনী নি কি কৰিব? কটকী— ৰজাই সদ্যহতে তাইক তেওঁৰ হাতধৰি লিগিৰী কৰি ৰাখিব পিছত ৰজাৰ ইচ্ছা হ'লে তাইক ৰাণীও কৰিব পাৰে ৰতিকান্ত— প্ৰভুদেউ! মই দেখোন সমূলে মৰিলোঁ। মোৰ আগলৈকো নাই পিছলৈকো নাই। এই একেজনী জীয়ৰীকনো ৰজাঘৰত বঞ্চিবলৈ কেনেকৈ এৰি দিওঁ। তাইক এৰি দিনো আমি কেনেকৈ থাকো। মোৰ আকলন ছোৱালীজনীয়ে একো কথাৰে আও-ভাও নাপায়। কোনোদিনাই তাই ৰজাহে নালাগে কোনো ডাঙৰ বিষয়াৰ ঘৰৰ আও-ভাও নেজানে— এনেস্থলত তাইনো তাত কেনেকৈ বঞ্চিবগৈ। তাইক ৰজাঘৰলৈ পঠিয়াই আমিনো কেনেকৈ জীৱন ধৰোঁ? ১ম চাওডাং— জোঁৱাইৰ ঘৰলৈ উলিয়াই দিনো কেনেকৈ থাকিলেহেঁতেন? ৰতিকান্ত— ককাই, জগৰ নধৰিবি। তাইক আমাৰ এই একে গাঁৱতে থকা ধনীৰাম মেধিৰ পুতেক দয়াৰামলৈ দিবলৈ থিৰ কৰিছিলোঁ। মেধিয়ে পৰহি তাইক খোজা-বঢ়া কৰি ভাৰ-ভেটী দি গৈছে। ২য় চাওডাং— যেয়ে ভাৰ-ভেটী পেলাওক লাগে, যেতিয়াই ৰজাই তোৰ জীয়েৰক ভাল দেখি হাতধাৰ লিগিৰী কৰিব খুজিছে তেতিয়া তই জীয়েৰক এৰি দিব লাগিব। ৰতিকান্ত— ককাই! ৰজাঘৰলৈ তাইক পঠিয়ালে তাইৰ জাতিকুল নষ্ট হ'ব। আগলৈকো তাইকতো আকৌ আমাৰ ঘৰে-দুৱাৰে তুলি খুৱাব নোৱাৰিম। জাতি বোলা বস্তুটো বহুমূলীয়া, ইয়াকনো সতকাই কেনেকৈ খেদাওঁ। ৩য় চাওড়াং— হেৰ গৰু, জাতিনো এটা কি ডাঙৰ বস্তু। তোতকৈ ডাঙৰ ডাঙৰসকলেও ৰজাৰ অনুগ্ৰহ পাবলৈ জাতি-কুলৰ দেখোন কোনো বিচাৰ নাৰাখে। তই নিজকে অতি ভাগ্যৱান বুলিহে ভাবিব লাগে। ৰজাৰ হাতধৰি লিগিৰী হৈ তোৰ জীয়েৰ যাব— তোৰ পদ-মৰ্যাদা বাঢ়িব, আনকি তই বৰা বা শ‍ইকীয়া বা হাজৰিকা বা ৰাজখোৱা এনেকুৱা বিষয় এখনো পাব পাৰিবি। যদি দৈবাৎ তোৰ জীয়েৰৰ কপালে তাই ৰজাৰ ৰাণী হ'বলৈ পায় তেনেহ'লেতো উঠি বহিলি— তই তোৰ সমান আৰু ভাগ্যৱান কেৱে নহ'ব। এইবিলাক কথালৈ মন কৰিবিচোন। ধনীৰামৰ পুতেকলৈ নি জানো এইবিলাক সম্পদ পাবি?