পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী বন্ধু এজনৰ আগত হেনো কৈছিল যে তেওঁ ভাল ছোৱালী এজনী পালে মোক বিয়া কৰোৱাই বেলেগ ঘৰ-দুৱাৰ মাটি-বৃত্তি দি থাপিব। মাহীৰ লাঞ্ছনাৰ পৰা মোক ৰক্ষা কৰিব। সেই দেখি মই যদি দেউতাক মোৰ কোনো বন্ধুৰ হতুৱাই কোৱাওঁ যে মই তোকেহে বিয়া কৰাম, তেনেহ'লে দেউতাই তোক মোলৈ খুজিব। খুজিলে বোধকৰোঁ তোৰ আইয়েৰ আৰু দেউতাৰে মান্তি হ'ব। সেই দেখি ৰহদৈ। আজি ম‍ই তোক মনৰ কথা খুলি ক'লোঁ। মই তোকেহে বিয়া কৰাম। তোক নাপালে ম‍ই জীয়াই নাথাকোঁ। ৰহদৈ— বাৰু অ'। এয়েনে কথা? বাৰু তেন্তে মই এতিয়া যাওঁ। দয়াৰাম— এঃ তই দেখোন একো নক’লি। ৰহদৈ— মইনো আৰু কি ক'ম। তোৰ যি ইচ্ছা কৰগৈ। দয়াৰাম— তই যদি বেয়া পোৱা নাই তেন্তে মোক চুমা এটা দি যা। ৰহদৈ— এঃ বাটে-ঘাটে চুমা খালে মানুহে কেনেবাকৈ দেখিলে বেয়া বুলিব। দয়াৰাম— (ইফালে-সিফালে চাই) “কোনো নাই অ' ওচৰে সমাৰে” এই বুলি কৈয়েই ঘপহ কৰে ৰহদৈক ধৰি দুগালে চুমা খালে। ৰহদৈয়ে ক'লে— “যা অ’ বাটে-পথে আগলে এনেকুৱা নকৰিবি। বিয়া কৰাই নি যিমান পাৰ চুমা খাবি।” কৈয়েই ৰহদৈয়ে তাৰ লগ এৰি বেগাই ঘৰলৈ গ'ল। দয়াৰামেও ঘৰমুৱা হৈ খোজ লোৱাৰ লগে লগে গালে— তোকে কেনে কৰি পাম প্ৰাণেশ্বৰী হ'ম কেনে কৰি কথা। পানী অনা ছলেৰে ঘাটলৈ আহিবা তাতে কম হৃদয়ৰ ব্যথা। একাদশ অধ্যায় খোজ-বঢ়া দয়াৰামে আৰু ৰহদৈয়ে এই কথা-বতৰা হোৱাৰ দুদিনৰ পিছতে দয়াৰামৰ বাপেক ধনীৰামে মানুহে-দুনুহে দুখন ভাৰে-ভেটীয়ে ৰতিকান্তৰ ঘৰলৈ আহি তেওঁৰ পুতেক দয়াৰামলৈ ৰহদৈক খুজিলে। ৰতিকান্তই ভবা নাছিল যে ধনীৰামৰ নিচিনা এজন আঢ্যৱন্ত মানুহে তেওঁৰ জীয়েকক পুতেকলৈ খোজা-বঢ়া কৰিব। ৰতিকান্তই ঘৈণীয়েক কমলাপ্ৰিয়াক কথাটো সুধি আনন্দ মনেৰে সন্মত জনাই ক'লে যে তেওঁ ইচ্ছা কৰিলে এই মাহৰ ভিতৰতে মণি-কেৰু পিন্ধাই বা বিয়াই কৰাই থ'ব পাৰে। পিছত ছোৱালী কন্যাকাল হ'লে লৈ যাব। ধনীৰামে সেইদৰে কৰিবলৈ সন্মত হৈ