১২ ৰহদৈ লিগিৰী ক্ষমতা চলাই থাকে, তাতে আকৌ যদি সাধাৰণ কাঁড়ী পাইকৰ জীয়ৰী এজনীক ৰাণী পাতে তেন্তে মহা অনৰ্থ ঘটাব পাৰে। ৰজা— কি! আমাৰ দেখোন উপৰিপুৰুষ “শিৱসিংহ ৰজাই নটৰ জীয়ৰী ফুলেশ্বৰীকো বিয়া কৰাই ৰাণী পাতিছিল— তেতিয়া দেখোন ডাঙৰীয়াসকলে শিৱসিংহ ৰজাক একো কৰিব নোৱাৰিছিল। এতিয়া মই এইক বিয়া কৰাই ৰাণী পাতিলেনো কি জগৰ লাগিব? সত্ৰাম— স্বৰ্গদেৱ ঈশ্বৰ! সেই কালত ডাঙৰীয়া তিনিজন ইমান প্ৰভাৱশালী ' নাছিল। ৰজা তেওঁবিলাকৰ আজ্ঞামতে চলা নাছিল। পিছত এতিয়া যে স্বৰ্গদেৱে বুঢ়াগোঁহাইৰ হাকে বচনে চলিব লগা হৈছে। ৰজা— মোৰো এই কথাতেহে বেজাৰ। বুঢ়াগোঁহায়ে সদায় মোক সকলো কথাতে তাৰ তলতীয়া কৰি ৰাখিব খোজে। আই-দেউতা তাৰ ফলীয়া হোৱাত মোৰ উপায় নোহোৱা হৈছে। মোৰ অতিকৈ বেজাৰ-বিৰক্তি হৈছে। মই আৰু বুঢ়াগোঁহাইক নামানো। সখি! তুমি মোৰ সহায় থাকিলে আৰু গুৱাহাটীৰ বৰফুকন আৰু ৰাইজ মোৰ ফলীয়া থাকিলে পূৰ্ণানন্দ বুঢ়াগোঁহাইক দিনক দিনে অপমান দি লঘু-লাঞ্ছনা কৰি তাৰ গৰ্ব খৰ্ব কৰিহে এৰিম। পিছত সদ্যহতে মই এই ছোৱালীজনীক আজিয়েই ধৰাই আনি কাৰেঙত লিগিৰীস্বৰূপে ৰাখিব খোজোঁ, তুমি কেনে বোলা? সত্ৰাম— স্বৰ্গদেৱ ঈশ্বৰে যি ইচ্ছা তাকে কৰিব পাৰে; কিন্তু তেনেকুৱা কৰিলে জানোচা আপ আৰু আপুৰ ফৈদে ৰাইজৰ সহায় আৰু বল পাই আমাক মস্কিলত পেলায়। সেই দেখি বন্দীয়ে জনাওঁ স্বৰ্গদেৱ ঈশ্বৰে সদ্যহতে তাইক পূজা চাই ঘৰলৈ উলটি যাবলৈ দিয়ক। পিছত বন্দীয়ে মানুহ পঠিয়াই তাইৰ মাক-বাপেকক কিছু ধন-বিত দি তাইক কিনি অনাৰ দৰে আনি স্বৰ্গদেৱক সোধাম। ৰজা— তেন্তে সখি! সেইদৰেই হওক। তুমি পলম নকৰিবা৷ পুৰা এমাহৰ ভিতৰত মোক তাইক আনি দিব লাগে। সত্ৰাম— ভাল স্বৰ্গদেৱ ঈশ্বৰ এতিয়া উঠিলোহে। দশম অধ্যায় দয়াৰামৰ প্ৰস্তাৱ ৰজাঘৰৰ দুৰ্গোৎসৱ চাই বিজয়াৰ দিনা ব্ৰহ্মপুত্ৰত দেৱীৰ বিসৰ্জন চাই, মাজুলীৰ পৰা অহা ডেকা-গাভৰু, ল'ৰা-ছোৱালী এইবিলাকেই আগৰ দৰে নাৱে নাৱে গীত- পদ গাই নৈ পাৰ হৈ সিপাৰ পালেগৈ। আৰু ঘাটে ঘাটে নাওবিলাক বান্ধি থৈ
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই