ৰহদৈ লিগিৰী ১১ ৰজাক বেঢ়ি চাওতাসকলৰ ভিতৰত আমাৰ ৰহদৈয়ো দয়াৰামৰ কাষতে থিয় হৈ আছিল। সুক্ষণতে হওক বা কুক্ষণতে হওক দৈবাৎ ৰজাৰ চকু ৰহদৈৰ ওপৰত পৰিল। ৰহদৈৰ মনোমোহা ৰূপ আৰু লাৱণ্যত আকৃষ্ট হৈ ৰজাই একেথৰে কিছুবেলি ৰহদৈৰ ফাললৈ চাই তেওঁৰ কাষতে মাটিত আঁঠু লৈ বহি থকা তেওঁৰ সখি সতাইক আনে নুশুনাকৈ কেতখিনি কিবা-কিবি ক'লে। সতায়ে মূৰ দূপিয়াই শলাগিলে। বেলি দুপৰ হ'লত ৰজাই সভা ভংগ কৰি কাৰেঙলৈ সোমাল, ডাঙৰীয়াসকল আৰু আন আন মানুহো ঘৰা-ঘৰি গ'ল। নৱম অধ্যায় ৰজা আৰু সত্ৰাম আগবেলা পূজা চাই উঠি ভাটিবেলা ৰজা চন্দ্ৰকান্ত সিংহে তেওঁৰ ভিতৰুৱা ৰংচৰাত বহিলহি। সতাই অলপ আগখিনিতে আহি বহি আছিল। আসনত বহিয়েই ৰজাই সত্ৰামক সুধিলে— “পিছত সখি, কোৱাচোঁ সেই ছোৱালীজনীৰ নাম-ধাম আঁতিগুৰি কি?” সত্ৰাম—— স্বৰ্গদেউ ঈশ্বৰ! তাইৰ নাম ৰহদৈ। ঘৰ মাজুলীৰ কমলাবীৰ গাঁৱত। বাপেকৰ নাম ৰতিকান্ত। সি কমলাবাৰীৰ সেৱক। জাতত সোণাৰি কলিতা। তাইৰ তলত এটা ভায়েক মাথোন আছে। তাই মাক-বাপেকৰ একেজনী জীয়ৰী। চন্দ্ৰকান্ত সিংহ— সখি! ছোৱালীজনী এতিয়াও গাভৰু হৈ উঠা নাই যেন লাগে। তথাপি তাই এতিয়াই দেখিবলৈ ইমান ধুনীয়া। গাভৰু হৈ উঠিলে তাই কেনেকুৱা স্বৰ্গৰ দীপলিপ অপেশ্বৰীৰ দৰে হ'ব ক'বই নোৱাৰি। তাই সাধাৰণ মানুহৰ পঁজাঘৰত থকা লায়েকৰ নহয়। মোৰ কাৰেঙেহে তাইক শুৱায়। সেই দেখি সখি! মোৰ বৰ ইচ্ছা হৈছে তাইক মোৰ হাতধৰী লিগিৰী কৰি ৰাখোঁ। সত্ৰাম— স্বৰ্গদেউ ঈশ্বৰে তাইৰ ৰূপৰ বিষয়ে যি কৈছে সেইটো সঁচা। পিছত তাইক সদায় লিগিৰী কৰিয়েই ৰাখিবনে? ৰজা— নহয়। তাই গাভৰু হৈ উঠিলে তাইক বিয়া কৰাই ৰাণী পাতিম। সত্ৰাম— স্বৰ্গদেৱ ঈশ্বৰে কৰোঁ বুলিলে যি ইচ্ছা তাকে কৰিব পাৰে। পিছত বন্দীয়ে কথা এটা জনাব খোজোঁ। ৰজা— জনোৱা মই শুনিম। সৰাম— স্বৰ্গদেউ ঈশ্বৰ। কথাটো এই— তাই দীপলিপ অপেশ্বৰী হ'লেও সামান্য কাঁড়ী পাইকৰহে জীয়ৰী। এনেয়ে আমাৰ আপই সদায় স্বৰ্গদেৱৰ ওপৰত
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই