১৩২ ৰহদৈ লিগিৰী পদ কত তপসাই যেন চিন্তামণি— গোৱাইলোঁ বিষয় ভোলে। বিকাইলোঁ কাচৰ মোলে॥ নৰ তনু পাই অমূল্য ৰতন দেৱ নাহি পায় মানব হুইবাৰ মঞি পাপী আসিয়া পাইলোঁ। তোমাৰ ভকতি অমিয়া তেজিয়া বিষয় গৰল খাইলোঁ॥ লোভ মোহ কাম ক্ৰোধ, মদ, মান ইসব বৈৰীৰ সঙ্গে। আপোন ইচ্ছায়ে পাপ আচৰিয়া বেড়াইলোঁ মনত ৰঙ্গে। পৰ তিৰী পৰ ধনৰ আশায় সদায় আকুল ভৈলোঁ। তুমি মহাধন তোমাক নেসেবি জনম বিফল কৈলু। কৃষ্ণদাসীয়ে এনেকুৱা সুললিত সুৰে বৰগীত গোৱা দেখি দলৰ বামুণ-সজ্জন, আঠপৰীয়া সকলোৱে কৃষ্ণদাসীক বেঢ়ি ধৰি নানা প্ৰশ্ন কৰিব ধৰিলে। তেওঁ আগৰ ক'ৰ মানুহ— অসমীয়া নে বঙালী, তেওঁবিলাক ক'লৈ যাব, কি কৰিব ইত্যাদি নানা কথা সুধি তেওঁক হায়ৰাণ কৰিলে। কৃষ্ণদাসীয়ে সকলোকে হাতযুৰি ক'লে যে “মই আগৰ অসমীয়া তিৰোতাই আছিলোঁ। মোৰ সকলো মৰি-হজি ঢুকুৱাত আৰু অসমত ক’তো সৎসঙ্গ আৰু আশ্ৰম নাপাই মই ভাটিলৈ গৈ বৈষ্ণৱ ধৰ্ম লৈ এই ভিখাৰিণী বেশে, দেশে দেশে কৃষ্ণৰ নাম-গুণ গাই ফুৰিবলৈ ওলাইছোঁ। পিছত বাপসকল! আপোনালোকক এই দীনা-হীনা ভিখাৰিণীয়ে কেইটিমান কথা জনাব খুজিছোঁ যদি দোষ নধৰে নিৰ্ভয় চিত্তে ক'বলৈ আদেশ দিয়ে। সকলোৱে— কোৱা বাৰু বৈষ্ণৱী মা কোৱা। আমি বাৰু কোনো দায়-জগৰ নধৰো। কৃষ্ণদাসী— তেন্তে শুনক। মই দেখোন গ'ল কালি ইয়াত এই সাধু দুজনে সৈতে চাপিবৰে পৰা এই পৱিত্ৰ ধামতো ধৰ্মৰ বেমেজালি দেখিলো। পাপৰ
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই