পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১৭৯ চলিল। নাচৰ পিছত নট নটীসকল তেওঁলোকৰ নিৰ্দিষ্ট বহাত সোমালগৈ। সিহঁত বহাত সোমোৱাৰ পিছত জাতি-বৰ্ণ-নিৰ্বিশেষে দুই-চাৰিজন ডেকাই যি উদ্ভণ্ডালি আৰু পাপ কৰ্ম কৰিলে তাক বৰ্ণোৱাৰ সকাম নাই। কৃষ্ণদাসী আৰু সন্ন্যাসী দুজনে বঢ়িয়াকৈ বুজিলে যে দেশখন ব্যভিচাৰেৰে অধৰ্মেৰে ভৰপুৰ। দয়া, দাক্ষিণ্য, সংযম, সৎ চিন্তা, ঈশ্বৰোপাসনা, ভক্তি, জ্ঞান ইত্যাদিৰ ঠাইত অসমীয়া ব্ৰাহ্মণ সজ্জনৰ ভিতৰতো নিষ্ঠুৰতা, স্বাৰ্থপৰতা, সংযমহীনতা, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, কুচিন্তা, কুকৰ্ম এইবিলাকেহে ঠাই পাইছে। ধৰ্মৰ স্থলবিলাকো পাপাচাৰণৰ স্থলহে হৈছে। ধৰ্মৰ নামত মঠ-মন্দিৰৰ আগত নটী আদিৰ নৃত্য কেৱল কামুক, লম্পট কাম উদ্ৰেক কৰি ধন অৰ্জাৰ উপায় হৈ পৰিছে। এইবিলাক দেখি-শুনি শ্ৰৱণানন্দ আৰু ঊৰ্ধ্ববাহুৱে অসম দেশখনক নিন্দা কৰিলে। বেচাৰী কৃষ্ণদাসীয়ে দীঘলকৈ হুমুনিয়া এটা কাঢ়ি পৰি থাকিল। নৱম অধ্যায় নাহৰণীৰ শিৱদৌলত পিছদিনা ৰাতিপুৱাওতেই সন্ন্যাসী দুজন আৰু কৃষ্ণদাসী তিনিও ওচৰৰ নৈলৈ গৈ গা-পা ধুই বেলি ছয় দণ্ডমান যোৱাত আকৌ মন্দিৰ পালেহি। মন্দিৰত তেতিয়ালৈকে পূজাৰী আঠপৰীয়া কেৱে উঠা নাই। আমাৰ সন্ন্যাসী দুজন আৰু কৃষ্ণদাসীয়ে তেওঁলোকৰ আৰতি কৰি স্তোত্ৰ গালে। তাৰ পিছত ঊৰ্ধ্ববাহুৱে ক'লে— “হা মা! কৃষ্ণদাসী! তোমাৰ দেশখন কেনেকুৱা। ইয়াত দেখোন মঠ- মন্দিৰৰ পাণ্ডা, পূজাৰী কেৱে যে ৰাতিৰ আলহীকো নোসোধেই তদুপৰি দেখোন আচাৰভ্ৰষ্ট। বেলি ড্ৰেৰপৰলৈকে দেখোন শোৱে।” কৃষ্ণদাসী— কি ক'ম গুৰুভাই! আগেয়ে এনেকুৱা নাছিল। গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ দিনৰে পৰা ৰজাঘৰত কলি সোমোৱাৰ লগে লগে প্ৰজাবিলাককো, ব্ৰাহ্মণ-সজ্জনকো কলিয়ে গ্ৰাস কৰিব ধৰিছে। এইটোনো কি দেখিলা আৰু এফেৰা ধেমালি দেখিবা। ঊৰ্ধ্ববাহু— তেন্তে এই দেশখন ধ্বংসলৈ যাবৰ চিন হোৱা নাইনে? কৃষ্ণদাসী— এই দেশ ধ্বংসৰ মুখত। যিদিনাই বুঢ়াগোহাঁই আৰু বৰফুকনে অৰিয়াত্মৰি পাতিলে তেতিয়াৰে পৰা দেশত কলি প্ৰবল হ'ল। তাৰ পিছত যিদিনাই বদন বৰফুকনে গৈ মান আনিলে তেতিয়াৰে পৰা এইখন ঈশ্বৰৰ অভিসম্পাতত পৰি ধ্বংস মুখলৈ আহিছে। এতিয়া আকৌ বৰফুকনক কটোৱাত বৰফুকনৰ পুতেকহঁততো মান দেশলৈ আকৌ গৈছেই— ইফালে নেদেখিলানে চন্দ্ৰকান্ত ৰজাক বুঢ়াগোহাঁইৰ পুতেকে যে ভাঙিলেই তদুপৰি তেওঁৰ অন্য পুত্ৰ মৰঙ্গিখোৱা গোহাঁয়ে