পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ৰহদৈ লিগিৰী ওচৰত শাক্ত ধৰ্মত দীক্ষিত হ'ল। ৰজাক হিন্দু হোৱা দেখি ডাঙৰ ডাঙৰ আহোম বিষয়া আৰু ডাঙৰীয়া কেইজনাইও হিন্দুধৰ্ম গ্ৰহণ কৰিলে। কামৰূপৰ কামাখ্য মন্দিৰত আগৰে পৰা দুৰ্গোৎসৱ থাককে বা নাথাককেই ৰুদ্ৰসিংহৰ দিনৰে পৰা আহোম ৰজাসকলৰ ঘৰত, বিষয়াসকলৰ ঘৰত বছৰি দশভূজা দুৰ্গাদেৱীৰ হাঁহ, পাৰ, পাঠা, ম’হ ইত্যাদি বলি-বিধানে সৈতে মহা সমাৰোহেৰে পূজা হ'বলৈ ধৰিলে। তামসিক ভাবেৰে মাতৃৰ পূজা হোৱাৰ ফলতেই হওক বা কোনো সাধক বা ঋষিৰ শাপতেই হওক দুৰ্গাদেৱীৰ ডাকিনী, যোগিনীসকলে শিৱসিংহৰ দিনৰে পৰা অসমীয়াৰ তেজেৰে উদৰ পৰিপূৰ্ণ কৰিবলৈ ধৰিলে। তেতিয়াৰে পৰা অৰ্থাৎ ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা অসম লাহে লাহে ভস্ম হৈ শ্মশানত পৰিণত হ'বলৈ ধৰিলে। অষ্টম অধ্যায় ৰজাঘৰত দুৰ্গোৎসৱ আজি সপ্তমী তিথি। ৰজাঘৰত ৰাতিপুৱাৰে পৰা ঢোল, খোল, শঙ্খ, ঘণ্টা, বৰকাঁহ, দবা, তাল, মৃদঙ্গ ইত্যাদি নানা বাজানা বাজিছে। কুৰিয়ে কুৰিয়ে ছাগলী, যোৰে যোৰে ম'হ, গোসাঁনী ঘৰলৈ আহিছে আৰু তাৰ লগে লগে বলিকটা আৰু আন আন ৰং-ধেমালি চাবলৈ চাৰিওফালৰ পৰা ল'ৰা-ছোৱালী, ডেকা-গাভৰু আহিছে। পুৱাৰে পৰা ব্ৰাহ্মণসকলে ধূপ-ধুনা লগাই পূজা আৰম্ভ কৰিছে। বেলি প্ৰায় এপৰ হ'ল। ডেকা বয়সৰ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ, তেওঁৰ লগৰীয়া সত্ৰাম, জয়ৰাম, মনাই আৰু ডাঙৰীয়া তিনিওজনে সৈতে গোসাঁনীঘৰ সোমালহি। ৰজাক চাবলৈ, বলিকটা চাবলৈ, মানুহে চাৰিওফালে ৰভাঘৰটো বেঢ়ি ধৰিলে। ৰজাই বিষয়াসকলেৰে সৈতে গৈ পোনেই দেৱীক সেৱা কৰি বলি-বিধানবিলাক লগাবলৈ ব্ৰাহ্মণক আদেশ কৰিলে। ব্ৰাহ্মণে ৰজাক সংকল্পৰ মন্ত্ৰ মতোৱাই ফুল-নিৰ্মালি দি আশীৰ্বাদ কৰিলে। ৰজা উঠি আহি সভাঘৰত পাৰি থোৱা সিংহাসনৰ ওপৰত চাৰিওফালে পাত্ৰ-মিত্ৰ মন্ত্ৰীৰে বেষ্টিত হৈ বহিল। ব্ৰাহ্মণসকলে বলিবিলাকক এটা এটাকৈ শান্তিজল ছটিয়াই, সেন্দুৰৰ ফোঁট দি মাতৃক উছৰ্গা কৰিলে। ঢোল, খোল, মৃদংগ— এই বিলাকৰ তুমুল শব্দৰ মাজত বলিকটীয়াহঁতে এটা এটাকৈ বলিবিলাকক শালত সোমাই লৈ কাটিব ধৰিলে। অসংখ্য ছাগলী, ম'হ, হাঁহ, পাৰ ইত্যাদিৰ তেজেৰে বলিৰ শালবিলাক ৰাঙলী হ'ল। তেজেৰে ঠায়ে ঠায়ে ডোঙা বান্ধিলে।