পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ ৰহদৈ লিগিৰী ষষ্ঠ অধ্যায় মৰঙ্গিত আমি আগেয়ে কৈছোঁ এই সময়ত অসমৰ ভগা ৰজা চন্দ্ৰকান্ত সিংহ এই মৰঙ্গিতে তেওঁৰ সম্পৰ্কৰ এঘৰ গোহাঁইৰ ঘৰত লুকাই আছিল। সেই সময়ত মৰঙ্গিত ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ এজন মৰঙ্গিখোৱা গোহাঁই হৈ আছিল। তেওঁৰ ককায়েক ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্তক ৰজা ভাঙি পুৰন্দৰ সিংহক ৰজা পাতিছিল আৰু চন্দ্ৰকান্ত ৰজা যে প্ৰাণৰ ভয়ত পলাই ফুৰিছিল এই খবৰ তেওঁ বঢ়িয়াকৈ পাইছিল। ইয়াৰ উপৰিও চন্দ্ৰকান্ত ৰজাক পালে যে প্ৰাণবধ কৰিব লাগে, নোৱাৰিলে অন্ততঃ তেওঁৰ এটা অঙ্গকে হানি কৰিব লাগে এই আদেশো তলে তলে পাই তেওঁ চাৰিজন চোৰাংচোৱা ৰাখি চন্দ্ৰকান্ত ক'ত আছে ইয়াৰ বিচাৰ লোৱাইছিল। চন্দ্ৰকান্ত ৰজা মৰঙ্গিতে লুকাই থকা খবৰ মৰঙ্গিখোৱা গোহাঁইৰ চোৰাংচোৱাই পাই সিহঁতে চন্দ্ৰকান্তক চোপ দিব ধৰিলে। সিহঁতে প্ৰকাশ্যে চন্দ্ৰকান্তক ধৰিবলৈ সাহ নকৰিলে কিয়নো যি গোহাঁইৰ ভৰত ভগা ৰজা পলাই আছিল সেই গোহাঁইৰ ঘৰ বৰ জোৰদাৰ; আনকি অনেক মানুহৰ ওপৰতে প্ৰভাৱশালী আছিল। দৈৱৰ দুৰ্বিপাকত সকলোবিলাক মানুহ কৃষ্ণদাসীৰ কথা শুনিবলৈ যোৱা দেখি এদিন গধূলি চন্দ্ৰকান্ত ভগাজাও বাবাজীৰ আখৰাৰ পিনে আহিল। সেই সময়ত বাটত কোনো মানুহ-দুনুহ নাছিল। বাবাজীৰ আখৰাৰ ওচৰ পাওঁ পাওঁ হওঁতেই নৈৰ গৰাৰ পৰা সাউৎ কৰে চাৰিটা মানুহ ওলাই আহি ৰজাক গবা মাৰি ধৰিলে। সিহঁতে মুখত সোপা দিবলৈ নৌ পাওতেই ৰজাই “আই ঔ ধৰিলেঔ” বুলি চিঞৰ এটা মাৰিলে। সেই চিঞৰ শুনি বাবাজীৰ আখৰাৰ পৰা কৃষ্ণদাসী, শ্ৰৱণানন্দ আৰু চাৰি - পাঁচজনমান মানুহ লৰি “হা হা, কি কৰ কি কৰ” বোলোতে সিহঁতে চন্দ্ৰকান্তক নিব নোৱাৰি সেই ঠাইতে এটাই কটাৰী এখনেৰে তৎক্ষণাৎ ৰজাৰ সোঁকাণৰ তলৰ লতিটো কাটি পেলাই লৰি পলাই হাবিৰ মাজত সোমাল। চন্দ্ৰকান্তৰ কাণ তেজেৰে ৰাঙলী হ'ল। কৃষ্ণদাসীয়ে তৎক্ষণাৎ দুবৰি একোছা টান মাৰি আঁজুৰি আনি হাতেৰে মোহাৰি অলপ ৰস উলিয়াই ৰসে-তসে ৰজাৰ কাণত লেপথেপকৈ দি ধৰি-মেলি ৰজাক আখৰালৈ লৈ গ'ল আৰু তাত কৃষ্ণদাসীয়ে আকৌ দুবৰি আৰু কিবা অলপ দৰৱ ভালকৈ শিলত বটি ৰজাৰ কাণত লগাই দি কাণখন গেৰুৱা কাপোৰ এডোখৰেৰে বান্ধি ৰজাক এটোপা গৰম গাখীৰ খুৱাই সুস্থ কৰি ভালকৈ ধুনিৰ ওচৰত আসন পাতি বহুৱাই থৈ গধূলিৰ আৰতি আৰম্ভ কৰিলে। আৰতিৰ পিছত দুয়োজন সন্ন্যাসী আৰু কৃষ্ণদাসীয়ে পিতলৰ সৰু ৰাধা-কৃষ্ণ যুগল মূৰ্তিৰ আগৰ স্তব গালে, ইয়াৰ পিছত কৃষ্ণদাসীয়ে গালে