পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৬ ৰহদৈ লিগিৰী বুলি শুনি মনত মৰণান্তিক বেজাৰ যে পালেই তদুপৰি তেওঁক তেওঁ থকা ঘৰটোৰ পৰা উলিয়াই কাৰেঙৰ ভিতৰতে আগৰ লিগিৰা-লিকচৌ থকা খোঁটালী এটা দি তেওঁৰ খোঁটালীটোত পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথ সিংহ থাকিবলৈ ল'লে। ৰজা থকা খোঁটালীবিলাকত পুৰন্দৰ সিংহ ৰজাৰ হৈ ৰ'ল। ৰাজমাৱে নিজ কোঠালীৰ পৰা কান্দি কান্দি ওলাই যোৱাৰ লগে লগে গধূলি তেওঁৰ এটা কঁপনি জ্বৰ উঠিল। নিশা যদিও একো নাখালে আৰু যদিও পিছদিনা পুৱাৰে পৰা পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঁয়ে বেজবৰুৱাক লগোৱাই চিকিৎসা কৰোৱালে তথাপি আৰু ৰাজমাৱৰ সেই জ্বৰ ভাল নহ'ল। প্ৰায় চৈধ্য দিন সেই জ্বৰত ভুগি তিনি দিন আগৰে পৰা মাত বোল হেৰুৱাই অসমৰ ৰাণী চন্দ্ৰকান্ত সিংহৰ মাতৃয়ে প্ৰাণ ত্যাগ কৰিলে। টোকা চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ মাতৃ ৰাজমাৱৰ বিষয়ে প্ৰফেছৰ শ্ৰীযুত সূৰ্যকুমাৰ ভূঞা এম.এ. দেৱে ছপোৱা বৰফুকনৰ গীত বোলা পুথিখনত আছে যে দ্বিতীয়বাৰ মান অহাৰ বাতৰি পাই ৰাজমাও ৰূপচিঙে সৈতে পলাই গ'ল। “ৰূপচিং বঙাল আৰু ৰাজমাও পাখৰী ৰাতিয়ে খবৰ পাই পলাল।” বুঢ়াগোহাঁইৰ বিষয়ে আছে :— “কালহীৰা চেলেকি বুঢ়াগোহাঁই নৰকি ৰাতিয়েই সৰকি গ'ল” বৰফুকনৰ গীত ৰচনা কৰাজন বৰফুকনৰ পক্ষপাতী বা বৰফুকনৰ ফলীয়া মানুহ যেন ভাবি আমি, ৰাজমাও আৰু বুঢ়াগোহাঁইৰ পৰিণাম এইদৰে বুলি ধৰা নাই। আমি যিমানদূৰ জানো বুঢ়াগোহাঁই ডাঙৰীয়াৰ চিন্তা- জ্বৰ হোৱাত দেশৰ হকে চাটি-ফুটি কৰি প্ৰাণ ত্যাগ কৰিছিল। ৰাজমাৱে এইদৰে অৰ্থাৎ শোকে বেজাৰে জ্বৰত পৰি মৰা বুলিহে আমি সৰুতে পিতৃ দেৱতাৰ মুখে শুনিছিলোঁ। এই গ্ৰন্থকাৰৰ পিতামহৰ বৰ ভাতৃজনাক মানে দিহিঙৰ পাৰতে সবংশে কাটিছিল। পণ্ডিতপ্ৰবৰ পিতামহ মানৰ শেষ আক্ৰমণৰ সময়ত অসম এৰি পলাই গৈ নদীয়াত ছবছৰ থাকি তাত পঢ়ি-শুনি মানক ইংৰাজে খেদাৰ পিছত আকৌ অসমলৈ আহি বজালীত গৈ পলাই থকা ৰুদ্ৰৰাম উজীৰ ককাদেউতাৰ ভগ্নীজনীক— পিতামহী টিপিৰী দেৱীক বিয়া কৰাই বজালীত কিছুকাল থাকে। বজালীতে পিতৃদেৱতা ওপজে। পিছত তাৰ পৰা পিতামহ, উজীৰ ককাদেউতা কেউঘৰ উজাই আহি হাজোতে বাউসীত বসতি কৰে। তাৰ পিছত তাতে পিতামহ ঢুকায়। উজীৰ সৰুজনা ভায়েক আৰু দেউতাৰ ভায়েকৰ ঘৰ তাতে কিছু কাল থাকে। ৰুদ্ৰৰাম ককাদেউতা আৰু মোৰ পিতৃ