পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১০৯ ক্ষিতি, স্বাধিষ্ঠানত অপ্, মণিপুৰত তেজ, অনাহত মৰুৎ, বিশুদ্ধ ৰেখাত ব্যোম, আজ্ঞাচক্ৰত মহাব্যোম ভাবিব লাগে তাকো শিকাই তেওঁৰ তপৰ বলেৰে ৰহদৈক খেচৰী মুদ্ৰা শিকাই সিদ্ধি কৰি দি পোন্ধৰ দিনৰ দিনা কাতি মাহৰ ১ লা তাৰিখেই ৰহদৈক ক'লে— “মা! এই ঠাইত আৰু থকা উচিত নহয়। কিয়নো আজিৰ পৰা এবছৰৰ ভিতৰতে এই অসম দেশ, উপান্ত হ'ব। পূবফালৰ পৰা অসংখ্য নৃশংস প্ৰকৃতিৰ বৰ্বৰ জাতি আহি অসমীয়াৰ নিজৰ নিজৰ আৰু ৰজাঘৰৰো পাপৰ প্ৰায়শ্চিত্ত স্বৰূপে মাৰি-কাটি ধ্বংস কৰিব— সেইকাৰণে আৰু বিশেষকৈ তোৰ সাধনাটো সিদ্ধি কৰাবৰ কাৰণে আমি কাইলৈ এই ঠাই এৰি নগাঁৱলৈ যাম।” যাম। ৰহদৈ— ভাল প্ৰভু। মোৰ একো কথা নাই। আপুনি য'লৈকে নিয়ে তলৈকে পঞ্চদশ অধ্যায় আশ্ৰমত ত্যাগ পিছদিনা আগমানন্দ স্বামী আৰু ৰহদৈ উভয়ে পুৱা দহোটামান বজাত খাই- বৈ উঠি সেই অসমীয়া ভদৌ ককাই চাকৰটোক ৰূপ এশ আৰু সেই ঠাইৰ ঘৰ- দুৱাৰ মাটি-বৃত্তি সমস্তকে দি দুয়ো নেঘেৰিটিঙৰ বাটেদে পশ্চিমমুখে গোলাঘাটৰ বোকাখাটেদি খোজকাঢ়ি গৈ সাত দিনে শিলঘাট পালেগৈ আৰু তাত গাঁৱৰ পৰা দুমাইল আঁতৰত নৈৰ পাৰৰ পাহাৰৰ দাঁতিত ওচৰা-উচৰিকৈ বান্ধি থোৱা জুপুৰি ঘৰ পালেগৈ। তাত শ্ৰৱণানন্দই সমস্ত ঠিক-ঠাক হৈ আছে বুলি জনালে। চাৰিওজনে সেই নিশা খাই-বৈ ৰ'ল। ইফালে ৰহদৈ আৰু বাবাজীয়ে আশ্ৰম এৰি যাবৰ পিছদিনাই আমাৰ ভদৌ ককায়ে নৈৰ পাৰত অকলৈ থাকিবলৈ সাহ নকৰি বাবাজীয়ে দিয়া ৰূপকেইটা লৈ, ঘটী-বাটী, কানি-কাপোৰকেখানৰ ভাৰ এখান বান্ধি কান্ধত ল’লে। গাই-গৰু দুজনী সাঙুৰি আগে আগে পোৱালিয়ে সৈতে খেদি লৈ নাহৰণি নেঘেৰিটিঙলৈ গ'ল। তাত গাইগৰু দুজনী বেচি আৰু কেইটামান ৰূপ লৈ গোলাঘাটৰ ফালে গ'ল। যাওতে বাটে-পথে মানুহৰ আগত কৈ গ'ল যে বাবাজীক তেওঁ এতিয়াহে চিনিলে। আজি ইমানদিনে তেওঁক এজন ভাল সাধু বুলি জানিছিল; পিছত ‘মহন্তৰ চিন মাহনিত বুঢ়া গৰুৰ চিন ঘাঁহনিত' হোৱাৰ দৰে আদহীয়া ফকীৰৰ চিন গাভৰুতহে ধৰা পৰিল। আদহীয়া বয়সৰ আগমানন্দ বাবাজীয়ে অতি ৰূপৱতী অমমীয়া গাভৰু ৰহদৈক লৈ পলাল। তাৰ কথা শুনি গাঁৱৰ বুঢ়া-মেথা অসমীয়া মানুহে কৈছিল— “এৰা বোপাই; এই বঙালখনত কোনো সঁজাত নাই। ইহঁতে সাধু-