ৰহদৈ লিগিৰী 9 ৰহদৈ— যা অ' তই মোৰ লগত চুপতি নামাৰিবি। তই এইদৰে জোকাই খং তুলিলে মই গৈ আইক কৈ দিম। দয়াৰাম (হাঁহি হাঁহি) হেৰ কাবৌটি কৰিছোঁ। দহোকুৰি আয়েৰৰ আগত কগৈ। মই আৰ-তাৰ হতুৱাই মাৰত জনাবই খুজিছিলোঁ। পিছত তয়ো যদি জনাৰ মই ভালেহে পাম। মই শুনিছোঁ মোৰ বোপায়ে হেনো তোকে মোলৈ খুজিবলৈ মনে মনে পাঙিছে। পিছত তই জানো মোত বিয়া সোমাবি? ৰহদৈ— মই আৰু পাই তোৰ লগত চুপতি নকৰোঁ। মই যাওঁগৈ — এই বুলি ৰহদৈয়ে উচাট মাৰি আহিব ধৰাত দয়াৰামে ক’লে— “খং নকৰিবি ৰহদৈ। অলপ পৰ ৰৈ কথা এটা শুনি যাচোন মোৰ লাহৰি। ” ৰহদৈ— “কিনো কথা কৱ অ'। তই মিছাই চুপতি মাৰি মোক ৰাখি নথ’বি। পলম হ'লে আয়ে খং কৰিব।” দয়াৰাম— আয়েৰে খং কৰিলে ক'বি আকৌ দয়াৰামে চুপতি মাৰি ৰাখিছিল বুলি। পিছত ৰহদৈ! তই মোৰ আজিৰ কথাত বেয়া নাপাবি দেই। মই সইত খাই কৈছোঁ, এই জলত ধৰি সইত খাই কৈছোঁ মই তোকেহে বিয়া কৰাম। তোক নেপালে দেশ এৰি বিদেশী হ'ম। অথবা বৰাগী হ'ম। নতুবা এই ব্ৰহ্মপুত্ৰৰ জলে ঝাম্প দিয়া মৰিম। ৰহদৈ কি কথাবিলাক কৱ ঐ! তই পেংলাই কৰিছ দেখোন। দয়াৰাম— মই সইতে কৈছোঁ। তোকেহে মই বিয়া কৰাম। ৰহদৈ— মই পাই আৰু তোৰ কথা শুনি নাথাকো যাওঁগৈ।— এই বুলি ঘৰৰ ফাললৈ ম'হটো লৈ গ'ল। দয়াৰামে পানীৰ পৰা পাৰত উঠি কাপোৰখন সলাই গা মচি ৰহদৈয়ে শুনাকৈ গালে— দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰি! জাজী নৈৰ এৰিব পাৰোঁ। তোমাৰ ঐ ভাৱনা এৰিব নোৱাৰোঁ নেখায়ে থাকিব পাৰোঁ॥ ষষ্ঠ অধ্যায় ৰজাঘৰত দুৰ্গোৎসৱ চাওতে চাওতে ভাদ মাহ গৈ আহিন সোমাল। আহিনৰো এদিন-দুদিনকৈ কুৰি দিন গ'ল। শাৰদীয় দুৰ্গা পূজা ওচৰ চাপিল। আজি ষষ্ঠী তিথি। ৰাতিপুৱাৰে পৰা কমলাবাৰী, বেঙেনাআটী, আউনীআটী
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই