ৰহদৈ লিগিৰী
৩১
ৰহদৈ-স্বৰ্গদেৱ ঈশ্বৰৰ বিধিমতে ৰাণী নোহোৱালৈকে বেটায়ে
স্বৰ্গদেৱ ঈশ্বৰক বেটীৰ মুখখন আগ বঢ়াৰ নোৰাৰো । বেটীয়ে স্বৰ্গদেৱ
ঈশ্বৰৰ বেটীস্বৰূপে-ৰাজভক্ত প্ৰজস্বৰূপে স্বৰ্গদেৱ ঈশ্বৰৰ পদত চুম্বন কৰে ।
এই বুলি গৈ ৰহদৈয়ে ৰজাৰ দুয়ো ভৰিত দুটা চুমা খালে।
ৰজাই ৰহদৈৰ কথাত আৰু আচৰণত পৰম প্ৰীত হৈ ৰহদৈৰৰ মুৰত
থপৰিয়াই কলে—“বাৰু ৰহদৈ, এদিন নহয় এদিন তোক মোৰ ৰাণী
কৰিম । অৱেশ্যে মই আগেয়ে দয়াৰামক আনি তাৰ মন দোছোৰা
ফালে ঢাল খুৱাই লৈহে তোৰ প্ৰেম বিচাৰিম । কিয়নো আমাৰ
ইন্দ্ৰবংশী ৰজাসকলৰ দস্তৰ আছে যে ৰজাই কাৰো পেলনীয়া যোৱা
(কায়ৰ বা মনৰে হওক) গ্ৰহণ নকৰে । তোৰ মোলৈ একান্ত প্ৰেম
নহলে মই তোক ৰাণী কৰিব নোৱাৰোঁ ৷
সপ্তদশ অধ্যায়
ৰজা আৰু ৰাজমাও দেউতা
পিচদিনা ৰাতিপুৱা ৰজা শয্যাৰ পৰা উঠি মুখ-হাত ধুই অলপ জা-জলপান খাই ৰাজমাও দেউতাৰ ওচৰলৈ গল আৰু ৰাজমাৱক সেৱা কৰি জনালে-“আই দেউতা ! মই কথা এটা সুধিব আহিলো ।” ৰাজমাও-কি কথা কোৱা মোৰ গোঁহাইদেৱ ? ৰজা-আইদেউত ! মই মোৰ হাতধৰী এই ৰহদৈ নামৰ লিগিৰী- জনীক বিয়া কৰাই ৰাণী পাতিব খোজোঁ ৷ ৰাজমাও—ছি: গোঁইাইদেৱ ! তোমাৰ নজৰ ইমান হীন হলনে ? তাই দেখিবলৈ ধুনীয়া হলেও কাড়ী পাইকৰ ঘৰৰ জীয়াৰী। তাইক ৰাণী পাতিলে আমাৰ মান-মাৰ্য্যদাৰ হানি হব ৷