২২ ৰহদৈ লিগিৰী পৰিলে নাজানে কি গতি হব। সেইদেখি মনক বুজা। ভিতৰলৈ যা। জীয়েৰক বঢ়াই-বুজাই খুৰাই-খুৱাই কানি-কাপোৰ যি হয় এড়োখৰ পিন্ধাই- উৰাই উলিয়াই দে। তোৰ কপাল ভাল বুলি ভাবিবি। যদিও ৰাই সদ্যতে তাইক লিগিৰী কৰি ৰাখিব, তথাপি কোনে জানে ৰাই তাইক ৰাণীও পাতিৰ পাৰে। সেইদেখি তই আৰু অবুন নবি। কটকী বাপুৰ এই কথাত ৰতিকান্ত ভিতৰলৈ গ'ল আৰু জীয়েকক খুৱাই-বুৰাই কানি-কাপোৰ অলপ গহনা-গাটৰি পিন্ধাই ঘৈণীয়েকে ধাকুৰি কান্দি কান্দি অলপ সাম্য হলত ফেকুৰি ফেকুৰি কান্দি থকা জীয়েক দৈক আনি কটকী বাপুৰ আগত থিয় কৰি হাত যুৰি কলে:-“প্ৰভু দেৰ। মোৰ আগলৈকো নাই পিচলৈকো নাই, এই একেজনী জীয়াৰীকে ৰজাই নিবলৈ ভাল পালে ৰলক লৈ গৈ থৈ আহোগৈ।”-এই বুলি জনালে। পিচত চাওডাং চাৰিজনক আৰু কটকী বাপুক অলপ জা-জলপান খুৰাই ৰতিকান্তই জীয়েকৰ লগত যাবলৈ ওলালত কটকীয়ে কলে-“হেৰ তই যাৰ নালাগে সদ্যহতে।” ৰতিকান্ত—কেলেই মই লগতে লৈ গৈ থৈ আহিলে জানো কি গৰ লাগিব। কটকী—এগৰ লাগিবও পাৰে নালাগিবও পাৰে। ৰজাই আমাক আদেশ কৰিছে তোেক টকা-শিকা দি সম্মত কৰায়েই হওক বা বল কৰিয়েই হওক তোৰ জীয়েৰক লৈ যাবলৈ। লগত তোক নিবলৈ কোৱা নাই। জানই দেখে। আমাৰ স্বৰ্গদেৱসকলৰ অলপতে এগৰ লাগে। পিচত জানোচ। তোক লগত লৈ গলে অকল যে তোৰেই জগৰ লাগিব এনে নহয় আমিও বা জগৰত পৰে৷ সেই দেখিহে মানা কৰিছো তই যাৰ নালাগে। ৰতিকান্ত—তেন্তে দেউ। কাবৌটি কৰিছো মোৰ এই অকালন জীয়াৰীজনীয়ে যেন একো দুখ নাপায়। কটকী-হে! তই চিন্তা নকৰিবি। তাই মহা সুখত থাকি। মাকে মাজে তই কোনো একাৰে সৰাম চাৰিীয়া ফুকনক নাই তেওঁৰ তোৰাই ৰাৰপৰা অনুমতি লৈ ৰাঘৰলৈ গৈ জীয়েৰৰ চাই-মলি
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই