ৰহদৈ লিগিৰী ১৭ দয়াৰামৰ এই কথাত ৰহদৈ নিমাত হৈ ৰল। তাই তললৈ মূৰ কৰি ৰা-কোনো উত্তৰ নিদিলে। দয়াৰামে তেতিয়া ৰহদৈৰ হাতখনত ধৰি আকৌ কলে-“ক দৈ, তই বেয়া পাৰি নে কি? ৰহদৈ-বেয়া ভাল নে কি আছে। তোৰ দেউতাৰে যদি খোজে আৰু মোৰ আই-বোপায়ে যদি দিয়ে তেন্তেনো আৰু তোলৈ নগৈ কি কৰিম। যাব লাগিব। দয়াম-এ তই ভাল মনেৰে আহিবি নে দড়িত বান্দৰ নাৰ দৰে আহিবি সেইটো ক। ৰহদৈ-(অলপ হাঁহি) তোক নো আকৌ মই কি দৰে কব লাগে। মই দেখোন কলোয়েই। পিচত মই এটা কথা সোধে॥ তহঁতৰ ঘৰৰ মানুহ ধনী, আমাৰ ঘৰ হলো দুখীয়া মানুহ। দেউতাৰ আকৌ সত্ৰৰ মেধি! আমাৰ নিচিনা দুখীয়া মানুহক জানো দেউতাৰে বোৰী কৰি ভাল পাব? দয়াম-হদৈ। মই তোক এইটো সঠিককৈ কব পাৰে৷ যদিও মাহীয়ে মোক দুখ-কষ্ট দিয়ে তথাপি দেউতাই হলে মোক পেটে সমন্বিতে ৰ মৰম কৰে যদিও মাহীৰ দডিত সেই মৰম মুখেৰে দেখুৱাৰ নোৱাৰে। দেউতাই এদিন তেওঁৰ লগৰ বন্ধু এজনৰ আগত হেনো কৈছিল যে তেওঁ ভাল ছোৱালী এজনী পালে মোক বিয়া কৰোৰাই বেলেগ ঘৰ-দুৱাৰ মাটি- বৃত্তি দি থাপি। মাহীৰ লাঞ্চনাৰপৰা মোক ৰক্ষা কৰিব। সেই দেখি মই যদি দেউতাক মোৰ কোনো বন্ধুৰ হতুৱাই কোৱাওঁ যে মই তোকেহে বিয়া কৰাম, তেনেহলে দেউতাই তোক মোলৈ খুজি। খুজিলে বোধ- কৰে তোৰ আইয়েৰ আৰু দেউতাৰে মান্তি হন। সেই দেখি ৰহদৈ! আজি মই তোক মনৰ কথা খুলি কলে। মই তোকেহে বিয়া কম। তোক নাপালে মই জীয়াই নাথাকে॥ দৈবা! এয়েনে কথা। বাৰু তেন্তে মই এতিয়া যাও। দয়াম-এ ই দেখেন একো নকলি। দৈ—মইন আৰু কি কম। তোৰ যি ইচ্ছা কৰগৈ। দয়াম-তই যদি বেয়া পোৱা নাই তেন্তে মোক চুমা এটা দি যা। -এ বাটে-বাটে চুমা খালে মানুহে কেনেকৈ দেখিলে যে বুলি।
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই