বলৈ লিগিৰী সমৰ্গদেৱ ঈশ্বৰ! কথাটো এতাই দীপলিপ অপেৰী হলেও সামান্য কাজী পাইকৰ হে জীয়াৰী। এনেয়ে আমাৰ আপই সদায় স্বৰ্গদেৱৰ ওপৰত ক্ষমতা চলাই থাকে, তাতে আকৌ যদি সাধাৰণ কাড়ী পাইকৰ জীয়ৰী এজনীক ৰাণী পাতে তেন্তে মহা অনৰ্থ ঘটাব পাৰে। ৰজাকিয়! আমাৰ দেখোন উপৰি পুৰুষ শিৱসিংহ নাই নট জীয়ৰী ফুলেশ্বৰীকে বিয়া কৰাই ৰাণী পাতিছিল-তেতিয়া দেখোন ডাঙ্গৰীয়াসকলে শিৰসিংহ ৰজাক একো কৰিব নোৱাৰিছিল। এতিয়া মই এইক বিয়া কৰাই ৰাণী পাতিলেননা কি জগৰ লাগিব। সত্ৰাম—স্বৰ্গদেৱ ঈশ্বৰ! সেই কালত ডাঙ্গৰীয়া তিনিজন ইমান এভাৰ- শালী নাছিল। ৰজা তেওঁ বিলাকৰ আভামতে চলা নাছিল। পিচত এতিয়া যে স্বৰ্গদেৰে বুঢ়াগোঁহাইৰ হকে বচনে চলিব লগা হৈছে। ৰজামোৰৰ এই কথাতেহে বেজাৰ। বুঢ়াগোঁহায়ে সদায় মোক সকলো কথাতে তাৰ তলতীয়া কৰি ৰাখিব খোজে। আই-দেউতা তাৰ- ফলীয়া হোৱাত মোৰ উপায় নোহোৰা হৈছে। মোৰ অতিকৈ ৰেজাৰ বিৰক্তি হৈছে। মই আৰু বুঢ়াগাঁহাইক নামানো। সখি! তুমি মোৰ সহায় থাকিলে আৰু গুৱাহাটীৰ বৰফুকন আৰু ৰাই মোৰ ফলীয়া থাকিলে পূৰ্ণানন্দ বুঢ়াগোঁহাইক দিনক দিনে অপমান দি লঘু-লাঞ্চ কৰি তাৰ গৰ্ব খৰ্ব কৰিহে এৰিম। পিচত সদ্যহতে মই এই ছোৱালীজনীক আজি- যেই ধৰাই আনি কাৰেঙত লিগিৰী ৰূপে ৰাখিব খোজে, তুমি কেনে বোলা। সত্যম—স্বৰ্গদেৱ ঈশ্বৰে যি ইচ্ছা তাকে কৰিব পাৰে; কিন্তু তেনে- কুৰা কৰিলে জানোচ৷ আপ আৰু আপৰ ফৈলে ৰাইজৰ সহায় আৰু বল পাই আমাক মঙ্কিলত পেলায়। সেই দেখি বলীয়ে জনাওঁ স্বৰ্গদেৱ ঈশ্বৰে সদ্যতে তাইক পূজা চাই ঘৰলৈ উলটি যাবলৈ দিয়ক। পিচত বন্দীয়ে মানুহ পঠিয়াই তাইৰ মাক বাপেকক কিছু ধন-বিত দি তাইক তিনি অনাৰ দৰে আনি স্বৰ্গদেৱক সোধাম। জাতেন্তে সখি! সেই দৰেই হওক। তুমি পলম নকৰিবা। পৰা এমাহৰ ভিতৰত মোক তাইক আনি দিব লাগে। সম- ভাল বৰ্গদেৱ ঈশ্বৰ এতিয়া উঠিললাহে।
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই