নবম ব্যৰ ৰজা আৰু সৎম আগবেলা পূজা চাই উঠি ভাটাবেলা ৰজা চন্দ্ৰকান্ত সিংহে তেওঁৰ ভিতৰুৱা চৰাত বহিলহি। তাই অলপ আগ খিনিতে আহি বহি আহিল। আসনত বহিয়েই ৰজাই সত্ৰামক সুধিলে—“পিচত সখি, কোৱাটো সেই ছোৱালীজনীৰ নাম-ধাম আঁতিগুৰি কি?* সত্ৰাম-স্বৰ্গদেৱ ঈশ্বৰ! তাইৰ নাম ৰহদৈ। ঘৰ মাজুলীৰ কমলাবাৰী পাৰত। বাপেকৰ নাম ৰতিকান্ত। সি কমলাবাৰীৰ সেৱক। জাতত সোণাৰি কলিতা। তাইৰ তলত এটা ভায়েক মাথোন আছে। তাই মাক বাপেকৰ একেখনী জীয়াৰী। 1 চন্দ্ৰকান্তসিংহ—সখি! ছোৱালীজনী এতিয়াও গাভৰু হৈ উঠা নাই যেন লাগে। তথাপি তাই এতিয়ই দেখিবলৈ ইমান ধুনীয়া। গাভৰু হৈ উঠিলে তাই যে কেনেকুৱা স্বৰ্গৰ দিলিপ, অপেস্বৰীৰ দৰে হব কই নোৱাৰি। তাই সাধাৰণ মানুহৰ পৰা ঘৰত থকা লায়েকৰ নহয়। মোৰ কাৰেঙেৰে তাইক শুৰাৰ। সেই দেখি সখি! মোৰ বৰ ইচ্ছা হৈছে তাইক মোৰ ধৰী লিগিৰী কৰি ৰাখে। সমস্বৰ্গদেৱ ঈশ্বৰে তাইৰ ৰূপৰ বিষয়ে যি কৈছে সেইটো সঁচা। পিচত তাইক সদায় লিগিৰী কৰিয়েই ৰাখিৰনে? না-নহয়। তাই গাভৰু হৈ উঠিলে তাইক বিয়া কৰাই বাণী সত্ৰামৰ্গদেৱ ঈশ্বৰে কৰো বুলিলে যি ইচ্ছা তাকে কৰিব পাৰে। পিচত বন্দীয়ে কথা এটা জনাব গোলে। নোৰ মই তনিম।
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই