পূৰিত আছিল বুলি আমাৰ অনেক আহোম ভ্ৰাতৃয়ে কম। আনকি মোগলে ওঠৰ বাৰ অসম আক্ৰমণ কৰি আহোমক পৰাস্ত কৰিব পৰা নাছিল। পিচত যেতেকে আহোমসকলৰ কাল পুৰণি হৈ আহিল, তেতেকে আহোমসকল হিন্দুৰ সংসৰ্গত বেচিকৈ পৰিব ধৰিলে; আহোম ৰজাৰ সভাত ব্ৰাহ্মণ আৰু আন আন ওখ খাপৰ হিন্দুসকলে স্থান পালে। হিন্দু ধৰ্ম্ম মত জানি শুনি, আৰু হিন্দু ধৰ্ম্মই যে পবিত্ৰ বৌদ্ধধৰ্ম্মৰ জন্মদাতৃ মাতৃ, বুদ্ধদেৱ যে ক্ষত্ৰিয় হিন্দু ৰজাৰহে সন্তান আছিল আৰু বুদ্ধদেৱ যে হিন্দুৰ দহ অৱতাৰৰ নৱম অৱতাৰ ইত্যাদি কথা শুনি আহোম ৰজাসকলৰ মন ৰূদ্ৰসিংহৰ দিনৰেপৰা হিন্দু ধৰ্ম্মলৈ ঢাল খালে। ইয়াৰ ফলত ৺ৰূদ্ৰসিংহ স্বৰ্গদেৱে পোনপ্ৰথমে ১৭১০ খৃষ্টাব্দত নদীয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ ওচৰত শাক্ত ধৰ্ম্মত দীক্ষিত হ'ল। ৰজাক হিন্দু হোৱা দেখি ডাঙ্গৰ ডাঙ্গৰ আহোম বিষয়া আৰু ডাঙ্গৰীয়া কেইজনাইও হিন্দু-ধৰ্ম্ম গ্ৰহণ কৰিলে। কামৰূপৰ কামাখ্যা মন্দিৰত আগৰেপৰা দুৰ্গোৎসৱ থাককে বা নাথাককেই ৺ৰূদ্ৰসিংহৰ দিনৰেপৰা আহোম ৰজাসকলৰ ঘৰত, বিষয়াসকলৰ ঘৰত বছৰি দশভূজা দুৰ্গাদেৱীৰ হাঁহ, পাৰ, পাঠা, ম'হ ইত্যাদি বলি বিধানে সৈতে মহা সমাৰোহেৰে পূজা হবলৈ ধৰিলে। তামসিক ভাবেৰে মাতৃৰ পূজা হোৱাৰ ফলতেই হওক বা কোনো সাধক বা ঋষিৰ শাপতেই হওক দুৰ্গাদেৱীৰ ডাকিনী, যোগিনীসকলে শিৱসিংহৰ দিনৰেপৰা অসমীয়াৰ তেজেৰে উদৰ পৰিপূৰ্ণ কৰিবলৈ ধৰিলে। তেতিয়াৰেপৰা অৰ্থাৎ ফুলেশ্বৰী কুৱঁৰীৰ দিনৰেপৰা অসম লাহে লাহে ভস্ম হৈ শ্মশানত পৰিণত হব ধৰিলে।
অষ্টম অধ্যায়
ৰজাঘৰত দুৰ্গোৎসৱ
আজি সপ্তমী তিথি। ৰজাঘৰত ৰাতিপুৱাৰ পৰা ঢোল, খোল, শঙ্খ, ঘণ্টা, বৰকাঁহ, দবা, তাল, মৃদঙ্গ ইত্যাদি নানা বাজনা বাজিছে। কুৰিয়ে কুৰিয়ে ছাগলী, যোৰে যোৰে ম’হ, গোসাঁনী ঘৰলৈ আহিছে